অসম

assam

ETV Bharat / state

সাংসদ নৱ শৰণীয়াক সকীয়নি দিলে কোনে ?

আনৰ নামত আৱণ্টিত পথক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি সাংসদ নৱ শৰণীয়াক সকীয়নি দিলে কোনে ? জানো আহক ঘটনাৰ সবিশেষ ৷

mp-naba-sarania-is-warned-to-stop-baseless-politics
সাংসদ নৱ শৰণীয়াক কোনে দিলে সকীয়নি ?

By

Published : Oct 28, 2021, 6:29 PM IST

বাক্সা, ২৭ অক্টোবৰ : অহা ৩০ অক্টোবৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহৰ লগতে চলিছে তুমুল বাকযুদ্ধ ৷ ইয়াৰ ব্যতিক্ৰম নহয় বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিও ৷ সমষ্টিটোত ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সমান্তৰালভাৱে দুই-এগৰাকী ৰাজনীতিকে আৰম্ভ কৰিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷

সাংসদ নৱ শৰণীয়াক কোনে দিলে সকীয়নি ?

বুধবাৰে সমষ্টিটোৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকাৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই এটা নিৰ্মীয়মান অৱস্থাত থকা পথক লৈ বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সম্পৰ্কে বৃহস্পতিবাৰে মুছলপুৰত কাৰ্যবাহী সদস্য গৰাকীৰ প্ৰাক্তন সচিব তথা ঋষি কনষ্ট্ৰাকচনৰ বিষয়া যতীন দাসে কয় যে, টি-০১ ৰ পৰা সাপকঁটালৈ নিৰ্মাণৰত যিটো পথৰ কথা সাংসদ গৰাকীয়ে উল্লেখ কৰিছে সেই পথটো কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ নামতেই নাই ৷

জনৈক কমলাকান্ত বসুমতাৰী নামৰ ঠিকাদাৰ এগৰাকীৰ নামতহে উক্ত পথটো আছে ৷ সেই কথা পথটোৰ সাংসদ গৰাকীৰ ঘৰৰ সম্মুখতে থকা ফলকতো স্পষ্টভাৱে উল্লেখ আছে বুলি কৈ সাংসদ শৰণীয়াৰ দৃষ্টিশক্তি হেৰুওৱা বুলি কটাক্ষ কৰে তেওঁ ৷ আনকি যতীন দাসে নিজেই উক্ত নিৰ্মাণৰত পথটোৰ কাম-কাজ চোৱাচিতা কৰি থকা বুলি উল্লেখ কৰি সংবাদমেলৰ জৰিয়তে সাংসদগৰাকীক এই লৈ ভৱিষ্যতে ৰাজনীতি নকৰিবলৈও সকীয়াই দিয়ে ৷

আনৰ নামত আৱন্টিত পিএমজিএছৱাই আঁচনিৰ অধীনৰ উক্ত পথটো কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই নিৰ্মাণ কৰা বুলি অপপ্ৰচাৰ চলোৱা কাৰ্য নিন্দনীয় আৰু লজ্জাজনক বুলিও তেওঁ মন্তব্য কৰে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পথ এছ কিউ এমে মণিটৰিং কৰে আৰু সেয়েহে সেই নিৰ্মাণকাৰ্যত কোনো ধৰণৰ দুৰ্নীতি হোৱাৰ প্ৰশ্নই নুঠে ৷

গাইডলাইনত উল্লেখিত অনুসৰিয়েই পিএমজিএছৱাই আঁচনিৰ পথসমূহ নিৰ্মাণ কৰা হয় আৰু নিৰ্মাণ কাৰ্যত বিসংগতিৰ কিবা অভিযোগ পালেই বিল পাছ হোৱাৰ ক্ষেত্ৰত অসুবিধা আহি পৰে ৷ তেওঁ অৱশ্যে ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে শ্ৰমিকৰ অভাৱত পথটোৰ নিৰ্মাণকাৰ্য কিছু লেহেমীয়া হোৱা বুলি স্বীকাৰ কৰি অতিশীঘ্ৰে উক্ত পথটোৰ নিৰ্মাণকাৰ্য সুন্দৰভাৱে সম্পন্ন হ'ব বুলি অঞ্চলবাসীক আশ্বাস প্ৰদান কৰে ৷ গতিকে সকলো কথা জানি শুনিও সাংসদ গৰাকীয়ে মিছাৰ আশ্ৰয় লৈ এইদৰে ৰাজনীতি কৰা বুলি অভিহিত কৰি ধিক্কাৰ দিয়ে যতীন দাসে ৷

লগতে পঢ়ক :মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ গোচৰত জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে

ABOUT THE AUTHOR

...view details