মুছলপুৰ, 11 মেঃএন আৰ চিক লৈ আছু আৰু এবছুৰ স্থিতি মুঠেই সন্তোষজনক নহয় ৷ জাতীয় সংগঠনৰ নাম লৈ কিছুমানে ব্যক্তিগত জিজ্ঞাসা পূৰণৰ বাবে বহুলোকৰ বিৰুদ্ধে হকে বিহকে বিদেশী বুলি অভিযোগ দাখিল কৰিছে ৷ সময় থাকোতে আছু আৰু এবছুৱে এইসমূহ অভিযোগ উঠাই নল'লে অনাগত দিনত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৷
আছু আৰু এবছুৱে ক্ষমা খোজক অন্যথা অসমৰ পৰিস্থিতি ভয়াৱহ হ'বঃ নৱ শৰণীয়া - ABSU
এন আৰ চিক লৈ আছু আৰু এবছুৰ স্থিতি মুঠেই সন্তোষজনক নহয় ৷ দুয়োটা জাতীয় সংগঠনে এন আৰ চিৰ দাবী-আপত্তিৰ নামত হকে বিহকে আবেদন দিয়াক লৈ ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আহ্বান জনাইছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷
মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিছে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ সাংসদগৰাকীয়ে উল্লেখ কৰা অনুসৰি এন আৰ চি দাবী আৰু আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াত লাখে লাখে আবেদন দাখিল কৰা হৈছে যিসমূহৰ কোনো ভিত্তি নাই ৷ স্বদেশী লোককে অনাহকত হাৰাশাস্তি কৰিবলৈ আছু আৰু এবছুৱে লাখ লাখ আবেদন দাখিল কৰিছে যাৰ ফলত অনাগত দিনত অসমৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'বলৈ গৈ আছে ৷ সংগঠনৰ বহু সদস্যই কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ বিৰুদ্ধে এইদৰে এন আৰ চিত অভিযোগ কৰিছে ৷ সময় থাকোতেই পৰিস্থিতি ভয়াবহ হোৱাৰ পূৰ্বেই দুয়োটা সংগঠনেই ৰাইজৰ আগত ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে নৱ কুমাৰ শৰণীয়াই ৷