অসম

assam

প্ৰমোদ বড়োৱে বিটিচি পৰিষদ গঠন কৰিব নোৱাৰেঃনৱ কুমাৰ শৰণীয়া

By

Published : Aug 1, 2020, 7:03 PM IST

বাক্সাৰ তামুলপুৰত বিস্ফোৰক মন্তব্য প্ৰদান কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ প্ৰমোদ বড়োই বিটিচি পৰিষদ গঠন কৰিব নোৱাৰে আৰু তেওঁ কেতিয়াও চিফ হ'ব নোৱাৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

Mp naba kumar Sarania comment on BTC
নৱ কুমাৰ শৰণীয়া

বাক্সা,1 আগষ্টঃবাক্সা তামুলপুৰৰ নিজ বাসগৃহত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সাংবাদিকৰ সমুখত প্ৰদান কৰে কেইবাটাও বিস্ফোৰক মন্তব্য ৷ তেওঁ প্ৰমোদ বড়োক কটাক্ষ কৰি কয় যে "প্ৰমোদ বড়োৱে বিটিচি পৰিষদ গঠন কৰিব নোৱাৰে । তেওঁ কেতিয়াও চিফ হব নোৱাৰে । তেওঁলোক শংকিত হৈ পৰিছে । আগতকৈও UPPLৰ আসন কমিব। পাঁচখন আসনতে সীমাবদ্ধ থাকিব UPPL দল । "

সাংসদ নৱ কুমাৰ শৰণীয়াৰ মন্তব্য

লগতে তেওঁ কয় যে,বিটিচিত যথেষ্ট দুৰ্নীতি হৈছে । ইয়াত শিল বালিৰ ৰাজনীতি চলে । ভুৱা হিতাধিকাৰীয়ে IBS পায় চৰকাৰী গৃহ লাভ কৰে। ইফালে নদীৰ সমস্যা,গৰাখহনীয়াৰ সমস্যাৰ কোনো সমাধান নাই বুলি তেওঁ মন্তব্য কৰে ।

ইয়াৰোপৰি তেওঁ BTR চুক্তিৰ কথা উল্লেখ কৰে ৷ তেওঁৰ মতে, "BTR চুক্তিৰ যোগেদি বড়োসকলক প্ৰতাৰণা কৰা হৈছে। বড়ো সকলো যথেষ্ট ক্ষুন্ন হৈছে,গতিকে তেওঁলোক হতাশ হৈ পৰিছে । UPPLৰ কিছুমানে নিৰ্বাচনত EVM মেচিন বিচাৰি আছে । কাৰণ EVM মেচিন ইফাল সিফাল কৰিব পাৰি । বেলট পেপাৰত কিছু অসুবিধা যদিও বেলট বক্সো সলনি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । প্ৰশাসন আৰু বিজেপিৰ প্ৰত্যক্ষ সহায় বিচাৰিছে UPPLদলে ৷ তেতিয়াহে তেওঁলোকে বাচিব পাৰিব বুলি ধাৰণা কৰিছে । প্ৰমোদ বড়ো আৰু বিজেপিৰ মাজত অপেন বুজাবুজিৰ পৰ্যায় আহিব পাৰে ।"

লগতে পঢ়কঃৰাজ্যসভাৰ সাংসদ অমৰ সিঙৰ পৰলোকপ্ৰাপ্তি

ABOUT THE AUTHOR

...view details