অসম

assam

ETV Bharat / state

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৰমাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নৱ কুমাৰ শৰণীয়াই

মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নহয় বৰঞ্চ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমাগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈছে সাংসদ নৱ কুমাৰ শৰণীয়া ৷ বৰমা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ গৰাকীয়ে ৷

mp naba kumar sarania all set to contest in assam poll as independent candidate
নিৰ্দলীয় প্ৰাৰ্থী হিছাপে বৰমাত প্ৰতিদ্বন্দিতা কৰিব নৱ কুমাৰ শৰণীয়াই

By

Published : Mar 11, 2021, 8:34 PM IST

বাক্সা,11 মাৰ্চ:মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ 62 নং বৰমা বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপেহে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে সাংসদ শৰণীয়াই ৷ বাক্সাৰ বৰমা বিধানসভা সমষ্টিত মিত্ৰদল ইউপিপিএল আৰু বিজেপি কৰ্মীৰ মাজত হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে বিশেষভাৱে চৰ্চা লাভ কৰাৰ মাজতে বৃহস্পতিবাৰে সাংসদ শৰণীয়াই নিজৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত স্পষ্ট মতামত আগবঢ়ায় ৷

জিএছপি দলৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই এইবাৰ বৰমা বিধানসভা সমষ্টিত তেওঁ কোনো মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নহয় নিৰ্দলীয় হিচাপেহে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে ৷ বৰমা সমষ্টিৰ পৰা সাংসদগৰাকীয়ে এক লাখ ভোট লৈ বৃহৎ জয় সাব্যস্ত কৰিব বুলি দাবী কৰাৰ লগতে তেওঁৰ প্ৰাৰ্থিত্বই মিত্ৰজোঁটত কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে ৷

বৰমা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিছাপে প্ৰতিদ্বন্দীতা কৰিব সাংসদ গৰাকীয়ে

শৰণীয়াই জানিবলৈ দিয়া মতে, ইউপিপিএল দলৰ পৰা সমষ্টিটোত এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেও বিজেপিয়ে কোনো প্ৰাৰ্থী নিদিয়ে ৷ সাংসদ গৰাকীয়ে বিটিআৰৰ অন্তৰ্গত 12 টা বিধানসভা সমষ্টি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰি বিপিএফ শূন্য হ’ব বুলিও উল্লেখ কৰে ৷ অৱশ্যে মন্ত্ৰীত্বৰ লালসাত বিধানসভা নিৰ্বাচন খেলা নাই বুলি জানিবলৈ দি তেওঁ কয় যে, "সেয়া প্ৰেক্টিকেল কথা ৷ বিভিন্নজনে বিভিন্ন কথা ক'ব পাৰে ৷ বিগত তিনিটা কাৰ্যকালত বাক্সাৰ পৰা কোনেও মন্ত্ৰীত্ব লাভ কৰিব পৰা নাই ৷ সেয়ে ৰাইজে এইবাৰ বিচাৰিছে বাবে নিৰ্বাচন খেলিবলৈ মই নিজেই ওলাই আহিছো" ৷

লগতে পঢ়ক:পচন্দৰ প্ৰাৰ্থী বিচাৰি বৰমাত ইউপিপিএল কৰ্মীৰ ক্ষোভ

ABOUT THE AUTHOR

...view details