বৰমা, 2 নৱেম্বৰঃ " বদৰুদ্দিন আজমল বৃদ্ধ হৈছে , সেয়ে ভৱিষ্যতে পৃথিৱী আৰু দেশ খনত যিয়ে যেনেকৈ মৰে মৰি থাকক বুলিয়ে তেওঁ ভাৱে ৷" বাক্সাৰ দলবাৰী একলব্য কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত থাকি এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ৷ কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই বদৰুদ্দিন আজমলে চৰকাৰৰ জনসংখ্যা নীতিক বিৰোধিতা কৰিছে বুলিও নেতা গৰাকীক তীব্ৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷
শনিবাৰে সাংসদ গৰাকীয়ে বিটিএডিৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয় খনৰ আভ্যন্তৰীণ দিশ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে বিদ্যালয় খনত উপস্থিত হয় ৷ 2013 চনতে কেন্দ্ৰীয় চৰকাৰৰ অনুদান সাপেক্ষে স্থাপিত হোৱা বিদ্যালয় খনত উন্নয়ন শূণ্য বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে কয় যে, শিক্ষক-কৰ্মচাৰী নিযুক্তি, হোষ্টেল সমূহত পৰ্যাপ্ত খাদ্য যোগানকে ধৰি আন্তগাঁথনিৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে ৷ উল্লেখযোগ্য যে, জনজাতি প্ৰধান বিদ্যালয় হোৱাৰ বাবেই বিদ্যালয় খনৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৱে অৱহেলা কৰি আহিছে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ অৱশ্যে এই ক্ষেত্ৰত বিদ্যালয় খনৰ পৰিচালনা সমিতিৰো কিছু দোষ- ক্ৰুটি থকাৰ কথা স্বীকাৰ কৰে ৷