অসম

assam

ETV Bharat / state

মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ দৈমাৰীৰ

দেওবাৰে সমগ্ৰ বিটিচি অঞ্চলত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

mp-biswajit-daimary-reaction
মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ দৈমাৰীৰ

By

Published : Jul 19, 2020, 10:39 PM IST

বাক্সা,19জুলাইঃসমগ্ৰ ৰাজ্যতে কৰ‘ণা মহামাৰীৰ বাবে আতংকময় পৰিবেশৰ সৃষ্টি হৈ থকাৰ মাজতে বি টি চিৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰক লৈ সমগ্ৰ বিটিচিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনহাতে বি টি চি নিৰ্বাচনো কৰ‘ণা মহামাৰীৰ বাবে অনিদিষ্ট কাললৈ স্থগিত ৰাখিবলগীয়া হৈছে । সেই সময়তে শনিবাৰৰে পৰা দেওবাৰৰ ভিতৰত বি টি চিৰ চাৰিখন জিলাত আৰক্ষীয়ে ইতিমধ্যে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হৈছে‌ । ইপিনে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি পি এফৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । দেওবাৰে সন্ধিয়া বাক্সাৰ গোৰেশ্বৰৰ উপস্থিত হৈ সাংসদ দৈমাৰীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ।

মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ দৈমাৰীৰ
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ

ABOUT THE AUTHOR

...view details