অসম

assam

ETV Bharat / state

মুছলপুৰত শতাধিকৰ বিপিএফত যোগদান

বিটিচিত বড়োসকলৰ বাহিৰেও বহু অস্ত্ৰধাৰী সংগঠন এতিয়াও সক্ৰিয় হৈ আছে ৷ গতিকে উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰবোৰ অকল বড়ো সকলৰেই নহয় বুলি বৰমাত মন্তব্য কৰে বিপিএফ নেতাজনে ৷

More Members Joining in BPF Team At Barama
মুছলপুৰত শতাধিক বিভিন্ন দলৰ সদস্য বিপিএফ দলত যোগদান

By

Published : Jul 19, 2020, 4:14 PM IST

বৰমা, 19 জুলাইঃ বাক্সা জিলাৰ মুছলপুৰ ব্লক কমিটিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত দেওবাৰে বিভিন্ন দলৰ শতাধিক সদস্যই বিপিএফ দলত যোগদান কৰে ৷ উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিপিএফ দলৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়ো ৷

কৰ'ণা মহামাৰী সংক্ৰমনৰ ভয়াৱহতাৰ মাজতেই আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ইতিমধ্যে টঙালি বান্ধিছে বিভিন্ন ৰাজনৈতিক দলে ৷ আৰম্ভ হৈছে ইটো ৰাজনৈতিক দলৰ পৰা সিটো ৰাজনৈতিক দলত যোগদান কাৰ্যসূচী ৷ ঠিক একেদৰে মুছলপুৰ ব্লক কমিটিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত দেওবাৰে বিভিন্ন দলৰ সদস্যই বিপিএফ দলত যোগদান কৰে ৷

উক্ত কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজয়ী হোৱাৰ লগতে আৰু অধিক উন্নয়ন কৰাৰ সংকল্প লৈছে দলীয় সতীৰ্থসকলে ৷ দেওবাৰে অনুষ্ঠিত হোৱা ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ অদালবাৰীত বিপিএফ দলত যোগদান কাৰ্যসূচীত উপস্থিত হৈ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োই সাংবাদিকৰ আগত কয় যে, অস্ত্ৰ সম্বৰণ কৰা এনডিএফবিৰ চাৰিওটা গোটে ইতিমধ্যে বিপিএফ দলত যোগদান কৰিছে ৷ ইফালে বিভিন্ন ঠাইত অস্ত্ৰ উদ্ধাৰ হোৱা সন্দৰ্ভত তেওঁ কয় যে বড়োসকলৰ বাহিৰেও বহু অস্ত্ৰধাৰী সংগঠন এতিয়াও সক্ৰিয় হৈ আছে,সেয়েহে উদ্ধাৰ হোৱা এই অবৈধ অস্ত্ৰ সমুহ নিশ্চয় তেওঁলোকৰো হ'ব পাৰে ৷

মুছলপুৰত শতাধিক বিভিন্ন দলৰ সদস্য বিপিএফ দলত যোগদান

এই যোগদান কাৰ্যসূচীত অবড়ো সুৰক্ষা কমিটিৰ পৰা ২২০ জন,ইউপিপিএল দলৰ পৰা ৯১ জন আৰু অগপৰ পৰা ৩ জন সদস্যই যোগদান কৰিছে ৷ আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে ৬২ নং বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম,চাপাগুৰী সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী,প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ লগতে দলীয় বহু সদস্য ৷

লগতে পঢ়ক-ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত বানাক্ৰান্ত সাহাৰ্য প্ৰদান

ABOUT THE AUTHOR

...view details