বাক্সা, 6এপ্ৰিল :মঙলবাৰে ৰাজ্যৰ 12খন জিলাৰ 40টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বাক্সা জিলা প্ৰশাসনে স্থাপন কৰিছে আদৰ্শ ভোটকেন্দ্ৰ ৷ ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াসেৰে জিলাখনৰ তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিত মুঠ ৬ টাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰিছে প্ৰশাসনে ৷
বাক্সাৰ আদৰ্শ ভোটকেন্দ্ৰক লৈ সন্তুষ্ট ভোটাৰ ৰাইজ - assam election
বাক্সা জিলাৰ 788 টা ভোটকেন্দ্ৰৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিত 2টা, বৰমাত 2টা আৰু চাপাগুৰি বিধানসভা সমষ্টিত 2টা ভোটকেন্দ্ৰকে ধৰি মুঠ 6টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইপিনে, চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰস্থিত চৰকাৰী মজলীয়া বিদ্যালয়ত স্থাপিত আদৰ্শ ভোট কেন্দ্ৰত ভোটাৰ সকলে ভোট দিবলৈ আহি নিজৰ সন্তুষ্টি ব্যক্ত কৰে ৷
বাক্সা জিলাৰ 788 টা ভোটকেন্দ্ৰৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিত 2টা, বৰমাত 2টা আৰু চাপাগুৰি বিধানসভা সমষ্টিত 2টা ভোটকেন্দ্ৰকে ধৰি মুঠ 6টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইপিনে, চাপাগুৰি বিধানসভা সমষ্টিৰ মুছলপুৰস্থিত চৰকাৰী মজলীয়া বিদ্যালয়ত স্থাপিত আদৰ্শ ভোট কেন্দ্ৰত ভোটাৰ সকলে ভোট দিবলৈ আহি নিজৰ সন্তুষ্টি ব্যক্ত কৰে ৷ উল্লেখযোগ্য যে, আদৰ্শ ভোটকেন্দ্ৰটো আটকধুনীয়াকৈ সজাই তোলোৰ লগতে ভোটকেন্দ্ৰত হাত ধোৱা, চেনিটাইজেশ্যনৰ উপৰিও জিৰণি লোৱাৰ ব্যৱস্থাও কৰা হৈছে ৷
লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য