অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী জয়ৰ বাবে বড়ো ভোট নিৰ্ণায়ক নহয়

এক সভাত অংশগ্ৰহণ কৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে এই মন্তব্য কৰে

By

Published : Mar 26, 2019, 3:01 PM IST

Updated : Mar 26, 2019, 4:08 PM IST

বাক্সাত উপস্থিত বিধায়ক ইমানুৱেল মুছাহাৰী


বাক্সা , 26 মাৰ্চঃ৫নং কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী জয়ৰ বাবে বড়ো ভোট নিৰ্ণায়ক নহয় । বাক্সা জিলাত মঙলবাৰে এক সভাত অংশগ্ৰহণ কৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

বাক্সাত উপস্থিত বিধায়ক ইমানুৱেল মুছাহাৰী

বাক্সা জিলাৰ ২৬নং দৰঙাজুলী বিটিচি পৰিষদীয় সমষ্টিত মঙলবাৰে দৰঙাজুলী ব্লক বি পি এফৰ উদ্যোগত এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয় । এই সভাখন পৰিচালনা কৰে দৰঙাজুলীৰ পৰিষদীয় সদস্য় বিজিৎ গৌৰা নাৰ্জাৰীয়ে । উক্ত সভাত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কয় যে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হবলৈ বড়ো ভোটা নিৰ্ণায়ক নহয় । কাৰণ তেখেতে তামুলপুৰ বিধানসভা সমষ্টিত অন্য জনগোষ্ঠীৰ ভোট বেছিকৈ লাভ কৰিছিল আৰু মাত্ৰ ১২ হাজাৰ বড়ো ভোট লাভ কৰি জয় যুক্ত হৈছিল ৷আজিৰ এই সভাত অবড়ো সংগঠনৰ ১০ গৰাকী লোকে যোগদান কৰে । ইয়োৰোপৰি সভাখনত কাৰ্যবাহী সদস্য় দেবেন বড়ো,পৰিষদীয় সদস্য় বিজিৎ গৌৰা নাৰ্জাৰী , তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী আৰু বাক্সা জিলাৰ এ জে পিৰ সভাপতি দুলাল দাসৰ লগতে স্থানীয় দলীয় কৰ্মীসকল উপস্থিত থাকে ৷

Last Updated : Mar 26, 2019, 4:08 PM IST

ABOUT THE AUTHOR

...view details