অসম

assam

ETV Bharat / state

বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ

যোৱা ১৬ নৱেম্বৰত নিৰুদ্দেশ হৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ সঞ্জু দাস, নবীন কলিতা আৰু বিৰেন দাস নামৰ কিশোৰ তিনিজন ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ অভিযোগৰ ভিত্তিত নিকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মকুন্দ দাসৰ তৎপৰতাত আৰু চাইল্ড লাইনৰ সহযোগত হাজিপুৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰ তিনিজনক ৷

বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ

By

Published : Nov 22, 2019, 7:42 PM IST

মছলপুৰ, 22 নৱেম্বৰঃ বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ ৷ যোৱা ১৬ নৱেম্বৰত নিৰুদ্দেশ হৈছিল মুছলপুৰৰ লক্ষ্মীপুৰ এ ব্লকৰ তিনি কিশোৰ ৷ মুছলপুৰৰ নিকটৱৰ্তী থমনাত ৰাস চাবলৈ গৈছিল লক্ষ্মীপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ সঞ্জু দাস, নবীন কলিতা আৰু বিৰেন দাস নামৰ কিশোৰ তিনিজন ৷ কিন্তু ঘৰৰ পৰা ৰাস চাবলৈ ওলাই গৈ তিনিওজনে লগত লৈ যোৱা চাইকেল দুখন বিক্ৰী কৰি প্ৰথমে গুৱাহাটী আৰু পিচত বিহাৰ লৈ যায় ৷

বিহাৰত উদ্ধাৰ বাক্সাৰ পৰা নিৰুদ্দিষ্ট তিনি কিশোৰ

উল্লেখ্য যে, কিশোৰ তিনিজনে জনোৱা অনুসৰি তেঁওলোকে নতুন ঠাই চোৱাৰ বাবে ৰেলত উঠি গুচি গৈছিল বিহাৰলৈ ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ অভিযোগৰ ভিত্তিত নিকাচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মকুন্দ দাসৰ তৎপৰতাত আৰু চাইল্ড লাইনৰ সহযোগত হাজিপুৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰ তিনিজনক ৷

ABOUT THE AUTHOR

...view details