বাক্সা, 2 আগষ্ট : দুটাকৈ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে বাক্সাৰ বৰবৰী ৷ এগৰাকী 12 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হল এগৰাকী বিবাহিত পুৰুষ ৷ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ চন্দ্ৰপুৰত সংঘটিত হৈছে এই শিহৰণকাৰী ধৰ্ষণ কাণ্ড ৷
নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়া মতে মাতৃ গৈছিল পাঠশালালৈ সকাম খাবলৈ ৷ দিন হাজিৰা কৰা পিতৃ দেওবাৰে গৈছিল কামলৈ ৷ সেই সময়তে অকলে থকাৰ সুযোগ গ্ৰহণ কৰি গকুল দাস নামৰ এটা দুৰ্বৃত্তই পানী খোৱাৰ চলেৰে ঘৰৰ ভিতৰলৈ মাতি আনি মুখত সোপা দি নাবালিকা গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি পলাই যায় ৷ পিছত মাতৃ ঘৰলৈ অহাত বাৰ বছৰীয়া নাবালিকা গৰাকীয়ে সকলো কথা বিৱৰি কোৱাত ভুক্তভোগী নাবালিকাৰ পৰিয়াল বুধবাৰে কাষ চাপে বৰবৰী আৰক্ষীৰ ৷ নাবালিকা গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰে ধৰ্ষণকাৰী গকুল দাসক ৷
লগতে পঢ়ক :Triple Murder : আকৌ ত্ৰিপল মাৰ্ডাৰ; পুত্ৰ কন্যাসহ মাতৃক ডিঙি কাটি হত্যা