বাক্সা, ২৮ নৱেম্বৰ :মণিপুৰত উগ্ৰপন্থীৰ হাতত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰী(assam rifles martyr suman swargiary )ৰ বাসগৃহত দেওবাৰে তেওঁৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় ৷ বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা হয় ছহিদগৰাকীৰ আদ্যশ্ৰাদ্ধৰ ৷ ছহিদগৰাকীৰ থৈকাৰাকুছি গাঁৱৰ বাসগৃহত অসংখ্য গুণমুগ্ধৰ সমাৱেশ ঘটে ৷ ইয়াৰ মাজতেই শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ সহকৰ্মী আদ্যশ্ৰাদ্ধস্থলীত উপস্থিত হৈ শ্বহীদ পত্নীৰ হাতত পদক আৰু চেক প্ৰদান কৰে ৷
শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে চৰকাৰৰ তৰফৰ পৰা যথেষ্টখিনি সন্মান লাভ কৰাৰ কথা ব্যক্ত কৰে পত্নীয়ে ৷ শ্বহীদগৰাকীৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পথ, দলং আৰু বিদ্যালয়ৰ তোৰণৰ কাম পূৰ্ণগতিত চলি থকা বুলিও মন্তব্য কৰে তেওঁৰ পত্নীয়ে ৷ আনহাতে আদ্যশ্ৰাদ্ধৰ খৰছ বিটিআৰ চৰকাৰে বহন কৰাৰ কথা ব্যক্ত কৰে পত্নীয়ে ৷ অনাগত দিনত ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ একমাত্ৰ কণমানি পুত্ৰক দেশৰ ভাল নাগৰিক কৰি তোলাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে শ্বহীদগৰাকীৰ পত্নীয়ে ৷