অসম

assam

ETV Bharat / state

বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

বাক্সা জিলাৰ বৰমা, মুছলপুৰ আদি বিভিন্ন অঞ্চলৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Food, Civil Supplies & Consumer Affairs minister Ranjit Kumar Das) ৷ পৰিদৰ্শন কালতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, জলজীৱন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা প্ৰত্যেক গৰাকী ব্যক্তিয়ে জেলৰ ভাত খাব লাগিব

Minister Ranjit Kumar Das inspects government functions
বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

By

Published : Nov 23, 2021, 10:39 PM IST

বাক্সা, ২৩ নবেম্বৰ :বাক্সা জিলাৰ বৰমা, মুছলপুৰ আদি বিভিন্ন অঞ্চলৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Food, Civil Supplies & Consumer Affairs minister Ranjit Kumar Das) ৷ মঙলবাৰে পুৱা ভাগতে মন্ত্ৰীগৰাকী উপস্থিত হয় বৰমাৰ প্ৰাথমিক চিকিৎসালয়ত ৷ চিকিৎসালয়খনৰ আন্তঃগাঁঠনি, চিকিৎসক-নাৰ্চৰ অভাৱ অভিযোগৰ বিষয়ে বুজ লোৱাৰ পাছত বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

বিদ্যালয়খনৰ শ্ৰেণী কোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাছতে টিহু-বৰমা খণ্ড উন্নয়ন খণ্ডৰ দুগৰাকী মহিলাক ই-ৰিক্সা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি উন্নয়ন খণ্ডটোৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লয় ৷

বাক্সা জিলাৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী(Minister of Public Health Engineering Department) ৰঞ্জীত দাসে জিলাখনত ৰূপায়ন হোৱা কেইখনো জলজীৱন আঁচনি(Jal Jeevan Mission) পৰিদৰ্শন কৰে ৷

সাংবাদিকৰ আগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, বিদ্যালয় সমূহত চৰকাৰে যোগান ধৰা মটৰ সমূহ চুৰি হোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক ৷ ইফালে জলজীৱন আঁচনি(Jal Jeevan Mission) ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা প্ৰত্যেক গৰাকী ব্যক্তিয়ে জেলৰ ভাত খাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে ৷

সমান্তৰালভাৱে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনত চলি থকা এম জি এনৰেগাৰ কাম সমূহতো যদি দুৰ্নীতি হয় তেতিয়া বিডিঅ' অভিযন্তাসকলো সাৰি নাযাব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী দাসে । নতুন শিক্ষানীতিৰ সন্দৰ্ভত ৰাইজৰ সজাগতা অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভৱিষ্যতে এই শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাক আগবঢ়াই নিব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক:CM's Review meeting with Assam Police :ছমাহত ৰুজু হোৱা গোচৰৰ অগ্ৰগতিৰ বুজ ল'লে হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details