বৰমা, 20 ছেপ্তেম্বৰ: বাক্সা জিলাৰ দিহিৰা মণ্ডলৰ সহযোগত লক্ষ্মীপুৰ 'এ' ব্লক লক্ষ্মী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যকৰ্তা সমাৰোহত ভাষণ প্ৰদান ৰাজ্যিক স্বতন্ত্ৰ শিক্ষা মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ‘‘এইবাৰ বিটিচিত পদুম ফুলিব । বিটিচিত বিপিএফে নিজৰ ঘৰৰ লোকক চাকৰি দিয়াৰ নামত যি দুৰ্নীতি কৰিছে সেই দুৰ্নীতি বিজেপি দলে নাশ কৰিব ৷ বিটিচিৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব লাগিব । বিজেপিয়ে বিটিচিৰ শাসনভাৰ লাভ কৰিলে বিটিএডি দুৰ্নীতিমুক্ত হ’ব ৷ বিজেপিয়ে বিটিএডিৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব ৷ লগতে নেপালী, বঙালী, আদিবাসী, চাওতাল আদি জনজাতিসকলকো সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷’’
চৰকাৰে বিগত চাৰি বছৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি বহু লোকক স্বাৱলম্বী কৰি তুলিছে ৷ অটল অমৃত আঁচনিৰ কাৰ্ড প্ৰয়োগ কৰি ৰুগীয়া লোকসকলে সকাহ পাবলৈ সক্ষম হৈছে ৷ আগন্তুক নিৰ্বাচনত বিজেপি দল শাসনলৈ আহিলে সকলো সমস্যা সমাধান কৰিব বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য প্ৰদান কৰে ৷
সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক ইমাবুৱেল মুছাহাৰীয়ে কয় যে, ‘‘বিগত সোতৰ বছৰে বিপিএফে বিটিচিত শাসন কৰিছে যদিও প্ৰধান সমস্যাসমূহ সমাধান কৰিবলৈও সক্ষম নহ’ল ৷ প্ৰতিবছৰে নিৰ্বাচনী ইস্তাহাৰত পাগলাদিয়া নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ বাবে ঘোষণা কৰে যদিও প্ৰকৃতাৰ্থত সোতৰ বছৰ ধৰি দলং নিৰ্মাণ নকৰিলে বিপিএফে ৷ দলং নিৰ্মাণৰ বাবে তেওঁলোকে কোনো ধন খৰচ কৰা নাই ৷ আনহাতে, শাসনৰ সুবিধাৰ্থে বিটিচিৰ চাৰিখন জিলাৰ মাজত ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল ; কিন্তু বাস্তৱিকতে কোকৰাঝাৰৰ পৰাই সকলো নিয়ন্ত্ৰিত হয় ৷