বাক্সা, 15 জুলাই : ৰাজ্যত এতিয়া বলিয়া বানৰ তাণ্ডৱ ৷ বানত প্লাৱিত হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ দুয়োপাৰে থকা বিস্তীৰ্ণ অঞ্চল ৷ উজনিৰ পৰা নামনিলৈ সমগ্ৰ আসমৰ 28 খন জিলা এতিয়া বানৰ কৱলত পৰিছে ৷ বাক্সা জিলাৰো বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা ৷ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে জল প্ৰলয়ৰ সৃষ্টি কৰিছে জিলা খনৰ ভিন্ন স্থানত ৷ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰীবাৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ বানৰ পৰা ৰক্ষা পাবলৈ পুঠিমাৰী নৈৰ মাথাউৰিত আশ্ৰয় লৈছে বন্যাৰ্তই ৷
বানপীড়িত সকলৰ কাষত মঙলবাৰে বিয়লি উপস্থিত হয় স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা । ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে বন্যাৰ্তসকলক সময়মতে সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে ৷