বাক্সা,২৪ জুন :দ্ৰুতগতিত চলি আছে ৰ'পৱেৰ নিৰ্মাণ । বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা হৈছে এই ৰ'পৱে । ৪০০ ফুট দৈৰ্ঘৰ এই মিনি ৰ'পৱে নিৰ্মাণ কৰা হৈছে ভাৰত-ভূটান সীমান্তত । ১০-১৫ লাখ টকা ধাৰ্য কৰা হৈছে এই ৰ'পৱে নিৰ্মাণৰ বাবে ।
কিন্তু কি বিশেষত্ব থাকিব এই ৰ'পৱেত ? তামুলপুৰৰ কাউলী আৰু কুমাৰীকাটাৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰি থকা হৈছে ৰ'পৱে । বাৰিষা হ'লে মটঙা নৈ পাৰ হৈ দুয়োটা অঞ্চলৰ ৰাইজে অহা-যোৱা কৰিব নোৱাৰে । কিয়নো নৈৰ ওপৰত নাই এখন দলং ।
স্থানীয় লোকৰ সহযোগত এখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছিল যদিও কোনো দুৰ্বৃত্তই জ্বলাই দিয়ে দলঙখনৰ এটা অংশ ।
ভাৰত-ভূটান সীমান্তত নিৰ্মাণ কাৰ্য চলিছে মিনি ৰ’পৱেৰ সেয়ে ৰাইজৰ সুবিধাৰ্থে এইবাৰ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ৰ'পৱে । অৱশ্যে চৰকাৰী আঁচনিৰ জৰিয়তে নিৰ্মাণ হোৱা নাই এই ৰ'পৱে । একাংশ স্থানীয় যুৱকৰ সহযোগিতাৰেহে ৰ'পৱে নিৰ্মাণৰ কাম চলি আছে । বছৰ বছৰ ধৰি চৰকাৰক আবেদন-নিবেদন কৰাৰ পিছতো নৈখনৰ ওপৰত নিৰ্মাণ নহ'ল এখনো দলং ।
সেয়ে চৰকাৰলৈ বাট নাচায় স্থানীয় যুৱকে লৈছে ৰ'পৱে নিৰ্মাণৰ এই পদক্ষেপ । বিগত নিৰ্বাচনৰ সময়তো জনপ্ৰতিনিধিয়ে এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটাবাসীক । কিন্তু প্ৰতিখন চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা কৰি অহাৰ বাবে এই চৰকাৰলৈও ৰৈ নাথাকিল স্থানীয় লোকসকল । অৱশ্যে ৰাইজে এতিয়াও আশা কৰি আছে যে নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰিব চৰকাৰে ।
লগতে পঢ়ক:চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰীৰ