বাক্সা,16 এপ্ৰিলঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ’ণা ভাইৰাছত সম্প্ৰতি ৰাজ্যতো আক্ৰান্ত হৈছে 32 জনকৈ লোক ৷ ইয়াৰ মাজতে চৰকাৰী নিৰ্দেশনা অনুসৰি ৰাজ্যৰ চাহ বাগিচাসমূহ খোলা দিয়ে চাহ বাগিচা কৰ্তৃপক্ষই ৷ ইতিমধ্যে,বাক্সা জিলাত অৱস্থিত চাৰিখন চাহ বাগিচাত পূৰ্বৰ দৰেই কাম আৰম্ভ কৰা হয় ৷ উল্লেখ্যে যে,বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত মেনকা চাহ বাগিচাত কিছু নিৰ্দিষ্ট নীতি-নিয়ম ধাৰ্য কৰি দিয়া হৈছে ৷ চাহ পাত তোলাৰ সময়ত শ্ৰমিক সকলে সামাজিক দুৰত্ব বজাই ৰাখিহে বাগিচাত কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে বাগিচা কৰ্তৃপক্ষই ৷ লগতে শ্ৰমিক সকলে মাস্ক পৰিধান কৰাৰ লগতে চাবোনেৰে হাত ধুৱাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয় ৷
পুনৰ আৰম্ভ হৈছে বাক্সা জিলাৰ মেনকা চাহ বাগিচাৰ কাম - মেনকা চাহ বাগিচা
বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত মেনকা চাহ বাগিচাত কিছু নিৰ্দিষ্ট নীতি-নিয়ম ধাৰ্য কৰি দিয়া হৈছে ৷ চাহ পাত তোলা সময়ত শ্ৰমিক সকলে সামাজিক দুৰত্ব বজাই ৰাখি হে বাগিচাত কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে কৰ্তৃপক্ষই ৷ লগতে শ্ৰমিক সকলে মাস্ক পৰিধান কৰাৰ লগতে চাবোনেৰে হাত ধুৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায় বাগিচা কৰ্তৃপক্ষই ৷
![পুনৰ আৰম্ভ হৈছে বাক্সা জিলাৰ মেনকা চাহ বাগিচাৰ কাম Menoka tae garden Baksa has started working amidst COVID 19 lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6810461-thumbnail-3x2-b.jpg)
পুনৰ আৰম্ভ হৈছে বাক্সা জিলাৰ মেনকা চাহ বাগিচাৰ কাম
পুনৰ আৰম্ভ হৈছে বাক্সা জিলাৰ মেনকা চাহ বাগিচাৰ কাম
আনহাতে,লক ডাউনৰ সময়ছোৱাত বাগিচা কৰ্তৃপক্ষই নিয়মিতভাৱে শ্ৰমিক সকলক দিন মজুৰি প্ৰদান কৰি আহিছিল ৷ ইয়াৰ উপৰিও বাগিচাখনত বহিঃৰাজ্যৰ পৰা অহা তিনিজন শ্ৰমিকৰ নিতৌ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁলোক এতিয়া সম্পূৰ্ণৰূপে সুস্থ অৱস্থাত থকা বুলি জানিবলৈ দিয়ে বাগিচা কৰ্তৃপক্ষই ৷
লগতে পঢ়ক-টাইপত ভুল ! কাঁহ আৰু জ্বৰত আক্ৰান্ত ব্যক্তিক কৰ’ণাত আক্ৰান্ত ঘোষণা