বৰমা,25 অক্টোবৰ: বাক্সাৰ বৰমা প্ৰেছ ক্লাবত দেওবাৰে বিটিআৰৰ শ্বহীদ পৰিয়ালৰ এক প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ উক্ত সভাৰ জৰিয়তে বিটিআৰত থকা শ্বহীদ পৰিয়ালৰ লোকসকলে চৰকাৰৰ তৰফৰ পৰা কোনো সা-সুবিধা নোপোৱা বুলি ক্ষোভ উজাৰে প্ৰতিনিধিসকলে ৷ উক্ত সভাখন পৰিচালনা কৰে দীপক হুজুৰীয়ে ৷
শ্বহীদ পৰিয়ালৰ প্ৰতিনিধি সভা: নতুন কমিটি গঠন - বৰমা প্ৰেছ ক্লাব
বৰমা প্ৰেছ ক্লাবত দেওবাৰে অনুষ্ঠিত বিটিএডিৰ শ্বহীদ পৰিয়ালৰ প্ৰতিনিধি সভা ৷ উক্ত সভাখন পৰিচালনা কৰে দীপক হুজুৰীয়ে ৷
![শ্বহীদ পৰিয়ালৰ প্ৰতিনিধি সভা: নতুন কমিটি গঠন meeting of martyrs family barama baksa assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9309009-thumbnail-3x2-a.jpg)
শ্বহীদ পৰিয়ালৰ প্ৰতিনিধি সভা
শ্বহীদ পৰিয়ালৰ প্ৰতিনিধি সভা
হুজুৰীয়ে প্ৰকাশ কৰা অনুসৰি, বিটিআৰত থকা প্ৰায় এশটা শ্বহীদ পৰিয়ালক যিটো ৰাজনৈতিক দলে সুবিধা প্ৰদান কৰিব তাকে পৰৱৰ্তী নিৰ্বাচনত সমৰ্থন আগবঢ়াব পৰিয়ালসমূহে ৷ তদুপৰি সভাখনত দীপক হুজুৰীক সভাপতি হিচাপে নিৰ্বাচিত কৰি 15 জনীয়া এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয় ৷ দেওবাৰৰ এই সভাতে বিটিআৰৰ চাৰিওখন জিলাৰ শ্বহীদ পৰিয়ালসমূহে অংশগ্ৰহণ কৰে ৷
লগতে চাওকঃনৱমী পূজাত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত বাতিল ৰাজহুৱা বলি