তামুলপুৰ, 12 ফেব্ৰুৱাৰী :তামুলপুৰ জিলাস্থিত অসমৰ দ্বিতীয় বৃহৎ জলসিঞ্চন প্ৰকল্প শুক্লাই চেৰফাং গোৰেশ্বৰ জলসিঞ্চন সংমণ্ডলত একাংশ বিষয়া-কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাই চকু কপালত তুলিছে ৰাইজৰ ৷ কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথিও সুৰক্ষিত কৈ ৰখাৰ মানসিকতা নাই একাংশ কৰ্মচাৰীৰ । যাৰবাবে কাৰ্যালয়টোৰ পৰা ৰহস্যজনক কাৰণত ৮৩৫ আৰু ৮৯৯ নম্বৰৰ দুখন গুৰুত্বপূৰ্ণ "মেজাৰমেন্ট বুক" সন্ধানহীন(Measurement book missing) হয় ।
জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা কিন্তু এই মেজাৰমেণ্ট বুক দুখন কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে সংঘটিত কৰা দুৰ্নীতি ঢাকিবলৈ হৰলুকী কৰিছে নে অইন কোনো কাৰণত হেৰাইছে ই এক সাঁথৰ হৈ পৰিছে । "মেজাৰমেন্ট বুক" সন্ধানহীন হোৱাৰ ফলত তিনিজনকৈ ঠিকাদাৰৰ কামৰ বিল প্ৰস্তুত কৰিব পৰা নাই সংশ্লিষ্ট বিভাগৰ বিষয়াই ৷ ফলত কাম সম্পূৰ্ণ কৰাৰ পাছতো ঠিকাদাৰে বিল পাবলৈ সক্ষম হোৱা নাই ৷
কাৰ্যবাহী অভিযন্তাগৰাকীয়ে নিৰ্ধাৰিত সময়সীমা বান্ধি দিয়াৰ পাছতো মেজাৰমেণ্ট বুক দুখন বিচাৰি উলিয়াব নোৱাৰাত অৱশেষত গোৰেশ্বৰ থানাত লিখিতভাৱে অভিযোগ দাখিল কৰে । তেওঁ ডেৰমাহ পূৰ্বেহে কাৰ্যালয়লৈ অহাৰ বাবে গুৰুত্বপূৰ্ণ বুক দুখন কেনেদৰে নোহোৱা হোৱাৰ সেই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৷ যোৱা বছৰৰ চেপ্তেম্বৰ মাহতে সন্ধানহীন হোৱা বুক দুখন বিচাৰি নাপায় বৰ্তমানৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে(Executive Engineer of irrigation department) ৫ ফেব্ৰুৱাৰীত গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ পাছতো বৰ্তমানলৈ বুক দুখন উদ্ধাৰ নোহোৱাত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে কাৰ্যালয়টোৰ একাংশ বিষয়া-কৰ্মচাৰী ৷
ইয়াকে লৈ এতিয়া বিমোৰত পৰিছে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰী ৷ প্ৰশ্ন হৈছে, কেনেকৈ তথা কি কাৰণত বুক দুখন সন্ধানহীন হ’ল সেয়া এতিয়া হৈ পৰিছে ৰহস্যজনক ? কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীৰ বহু সময়ত নিজৰ অঙহী বঙহীৰ নামত ঠিকাৰ কাম লৈ কৰি থাকে । এই দুৰ্নীতি ঢাকিবলৈ হয়তো কোনো কৰ্মচাৰীয়ে বুক দুখন হৰলুকী কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে ।
লগতে পঢ়ক :Illegal Encroachment in Rongsai bil: ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল