অসম

assam

By

Published : Nov 6, 2019, 11:02 PM IST

ETV Bharat / state

তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য: চুৰি চুপাৰী লগত জড়িত তিনিজনক আটক

বাক্সাৰ তামুলপুৰত বস্তাই বস্তাই চুৰি চুপাৰী উদ্ধাৰৰ আৰৰ মূল তিনি অভিযুক্তক আটক । তিনিদিন বিভিন্ন প্ৰান্তত অনুসন্ধান চলোৱাৰ অন্তত মূল অভিযুক্ত প্ৰাণজিৎ দাসৰ আৰু আন দুই সতীৰ্থ অমূল্য কলিতা আৰু কানছো আলীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

চুৰি চুপাৰী লগত জড়িত তিনি জনক আটক

বাক্সা, 6 নবেম্বৰ: বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । যোৱা ২ অক্টোবৰত তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ডিমিলাপাৰৰ অমূল্য কলিতাৰ ঘৰৰ পুখুৰীৰত ৩২০ বস্তা চুৰি চুপাৰী উদ্ধাৰ হোৱা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । ঘটনাৰ সংক্ৰান্তত তামুলপুৰৰ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান আৰম্ভ কৰিছিল আৰু চুৰি চুপাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰাণজিৎ দাসক আটক কৰাৰ পিছতেই ওলাই পৰে উৰহী গছৰ ওৰ । বৰ্তমান মহকুমাটোৰ পৰা চুৰি চুপাৰী লগত জড়িত তিনি জনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

চুৰি চুপাৰী লগত জড়িত তিনি জনক আটক
আৰক্ষীয়ে তিনিদিন বিভিন্ন প্ৰান্তত অনুসন্ধান চলোৱাৰ অন্তত মূল অভিযুক্ত প্ৰাণজিৎ দাসৰ আৰু আন দুই সতীৰ্থ অমূল্য কলিতা আৰু কানছো আলীক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই চুৰি চুপাৰী চক্ৰটোৰ সৈতে বহু লোক জড়িত হৈ আছে বুলি সন্দেহ কৰিছে আৰু অচিৰেই সকলোকে আটক কৰিবলৈ সক্ষম হব বুলি দাবী কৰে আৰক্ষীয়ে । আনহাতে এই চুৰ কেইজন ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা চুপাৰী চুৰি চক্ৰৰ লগত জড়িত হৈ থকাৰ সন্দেহ কৰিছে মহকুমাবাসীয়ে ।

ABOUT THE AUTHOR

...view details