অসম

assam

ETV Bharat / state

মুছলপুৰ-চন্দ্ৰপুৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ - river erosion in baksa

দেওবাৰে খহনীয়াগ্ৰস্ত বাক্সাৰ মুছলপুৰ আৰু চন্দ্ৰপুৰ এলেকা পৰিদৰ্শন কৰে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ প্ৰতিদিনেই অঞ্চল দুটাত চলা খনন কাৰ্যৰ বাবে এই খহনীয়াৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

সাংসদ নৱ কুমাৰ শৰণীয়া
সাংসদ নৱ কুমাৰ শৰণীয়া

By

Published : Jul 26, 2020, 10:03 PM IST

বাক্সা, 26 জুলাই:গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰিছে মুছলপুৰৰ বিস্তীৰ্ণ অঞ্চল ৷ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা মাটি জাহ গৈছে নদীৰ বুকুত ৷ আগন্তুক দিনত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে বৃহত্তৰ অঞ্চলটোত ৷ সমগ্ৰ অঞ্চলটো দেওবাৰে পৰিদৰ্শন কৰি এই বিষয়ে উল্লেখ কৰে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷

চন্দ্ৰপুৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

উল্লেখ্য যে, প্ৰতিদিনেই সেই অঞ্চলত বহু লোকে অব্যাহত ৰাখিছে খনন কাৰ্য ৷ প্ৰতিদিনেই অঞ্চলটোত চলে নদীৰ শিল-বালিৰ সৰবৰাহ ৷ জেচিবিৰে একাংশ লোকে প্ৰতিদিনেই সেই অঞ্চলত চলাই নিছে খনন কাৰ্য ৷ যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়াৰ ৷ এই সমস্যাৰ সমাধান বিচাৰি দীৰ্ঘদিনে স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও,আজিলৈ তেওঁলোকে পোৱা নাই সেই সমস্যাৰ সমাধানৰ কোনো সমাধান ৷ উপায়বিহীন ৰাইজে সম্প্ৰতি নিজেই কেনেল কাটি খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে যদিও,নিকটৱৰ্তী গাঁৱৰ বাসিন্দাসকল ভিন্ন সময়ত তেওঁলোকৰ বাবে বাধাৰ কাৰণ হৈ হিচাপে থিয় দি আহিছে ৷ সাংসদ নৱ কুমাৰ শৰনীয়াই দেওবাৰে সেই অঞ্চল পৰিদৰ্শন কৰি তেনে কাৰ্য সম্পাদন কৰা লোকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক পুনৰবাৰ অৱগত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে,ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সাংসদ গৰাকীয়ে সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷

মুছলপুৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ

আনহাতে একেটা দিনতে সাংসদ গৰাকীয়ে পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্ত চন্দ্ৰপুৰ অঞ্চল ৷ চন্দ্ৰপুৰ অঞ্চল পৰিদৰ্শন কৰি সাংসদ গৰাকীয়ে অনুৰূপ সমস্যাই পৰিলক্ষিত কৰে ৷ অঞ্চল দুটা পৰিদৰ্শন কৰি আগন্তুক নিৰ্বানত যদি তেওঁলোক পুনৰ জয়ী হয় তেন্তে গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷

লগতে পঢ়ক:ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 97 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details