অসম

assam

By

Published : Sep 3, 2020, 4:18 PM IST

ETV Bharat / state

'কা' আৰু EIA বাতিলৰ দাবীত বাক্সাত তিনি সংগঠনৰ মানৱ শৃংখল

'কা' আৰু 'EIA' বাতিলৰ দাবীত বাক্সাত শতাধিক লোকৰ প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ লগতে, বিজেপিত যোগদান কৰা শিল্পীকো সমালোচনা প্ৰতিবাদকাৰীৰ ৷

Massive protest rally at Musulpur in Baksa against CAA And EIA
'কা' আৰু EIA বাতিলৰ দাবীত বাক্সাত তিনি সংগঠনৰ মানৱ শৃংখল

বাক্সা, 3 ছেপ্তেম্বৰ :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতো বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল, 'কা' বিৰোধী সকলো কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়া আৰু 'EIA' বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ ৷

বৃহস্পতিবাৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰতো 'কা' আৰু 'EIA'বাতিলৰ দাবীত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদ আৰু মদাহী ছাত্ৰ সন্থাৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা' আৰু EIA বাতিলৰ দাবীত বাক্সাত তিনি সংগঠনৰ মানৱ শৃংখল

আনহাতে, যিসকল শিল্পীয়ে শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে সেই সকল শিল্পীক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে, 2021 চনৰ বিধানসভা নিৰ্বাচনত সঠিক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়াৰ নেতৃত্বত সংগঠন কেইটাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : শিল্পকৰ্মৰে জীৱনৰ পথ প্ৰশস্ত কৰি তোলা হোজাইৰ মৃদুল বৰা

ABOUT THE AUTHOR

...view details