বাক্সা, 28 অক্টোবৰ :বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন বাতিল কৰাৰ দাবীত বুধবাৰে অবড়ো সুৰক্ষা সমিতিয়ে সন্ধিয়া তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে । তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত আৰু গণ সুৰক্ষা পাৰ্টী আৰু তামুলপুৰ,দৰঙ্গাজুলি আৰু কাউৰবাহা অবড়ো সুৰক্ষা সমিতিৰ সহযোগত প্ৰতিবাদকাৰী সকলে তামুলপুৰৰ বৰনগৰত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে বিটিআৰ আমি নামানো,বিটিআৰ বাতিল কৰক,ৰাজ্যপালৰ শাসন বাতিল কৰক,অসম চৰকাৰ হায় হায়,বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷