বাক্সা, 27 ছেপ্টেম্বৰ :সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৷ বিভিন্ন যোগদান সভা, সমাৱেশ, সমদলেৰে নিজৰ নিজৰ দলীয় শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে দলসমূহ ৷ লগতে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে যোগদান সভা ৷
বিটিআৰত অকলেই শক্তি প্ৰদৰ্শনৰ যুঁজত নামিছে বিপিএফ ৷ তামুলপুৰৰ কুমাৰিকাটাত বিপিএফ দলৰ বিশাল যোগদান সভা ৷ বুধবাৰে দুটাকৈ পৰিষদীয় সমষ্টিৰ প্ৰায় দুই সহস্ৰাধিক লোকে যোগদান কৰে বিপিএফ দলত ৷ অচিৰেই বিপিএফ দলত যোগদান কৰিব পূৰ্ব বিপিএফ দল ত্যাগী বহু শীৰ্ষ নেতাই ৷ এই কথা জানিবলৈ দিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
যোগদান সভাত ৰাইজৰ সঁহাৰি দেখি আপ্লুত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ ৷ যোগদান সভাৰ মঞ্চত হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ কয় যে, প্ৰমোদ বড়োৰ বাজেট তিনিখন ৷ এখন ৰাইজক দেখুৱাই আনখন গোপনে ৰাখে ৷ সেইকাৰণে দিছপুৰক হিচাপ দিব নোৱাৰে ৷ প্ৰমোদ বড়োৱে ৰাইজৰ উন্নয়নৰ বাবে ধন খৰচ নকৰে, নিজৰ পকেটত সোমোৱাৰ বাবেহে চিন্তা কৰে বুলি কয় বিপিএফ প্ৰধানজনে ৷ আমাৰ যেতিয়া চৰকাৰ হ’ব প্ৰথম উচ্ছেদৰ জাননী বন বিভাগৰ কাৰ্যবাহী ৰঞ্জিত বসুমতাৰীক দিয়া হ’ব বুলিও কয় তেওঁ ৷