অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ বিশাল গণ সমাৱেশ - লোকসভা নিৰ্বাচন

তামুলপুৰত জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ বিশাল গণ সমাৱেশ ৷ এই সমাৱেশত অংশ ল’লে সংগঠনটোৰ বহু কেইগৰাকী নেতা-কৰ্মীয়ে ৷

Mass gathering of aakrasu in baksa assam etv bharat news
আক্ৰাছুৰ বিশাল গণ সমাৱেশ

By

Published : Nov 18, 2020, 6:37 PM IST

বাক্সা,18 নৱেম্বৰ:২০১৪ চনতে সুকীয়া ৰাজ্য গঠনৰ কাৰণে,২০১৭ চনৰ ২৫ এপ্ৰিলত মাৰ্জাৰ চুক্তিৰ আধাৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আক্ৰাছুৰ সৈতে মিলিত হৈছিল ত্ৰি-পাক্ষিক বৈঠকত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোঁচ-ৰাজবংশীসকলৰ জনজাতিকৰণ সমস্যা সন্দৰ্ভত সংগঠনটোক আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে ৷ কিন্তু আজিলৈকে এই আলোচনা হৈ নুঠিল ৷ এই সমস্যা সন্দৰ্ভত বিভিন্ন ঠাইত গণ সমাৱেশৰ জৰিয়তে আক্ৰাছুৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অৱগত কৰি আহিছে ৷ কিন্তু সংগঠনটোৰ আহ্বানৰ প্ৰতি কোনো সঁহাৰি জনোৱা দেখা নগ’ল চৰকাৰে ৷

আক্ৰাছুৰ বিশাল গণ সমাৱেশ

উল্লেখ্য যে,চৰকাৰে পৃথক ৰাজ্যৰ যুক্তি-যুক্ততাক সমৰ্থন কৰি কমতাপুৰক স্বায়ত্ব শাসিত পৰিষদৰ স্বীকৃতি প্ৰদান কৰিছে ৷ বিগত 9 অক্টোবৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰীগোটৰ সৈতে আলোচনা কৰাৰ অন্তত 30 অক্টোবৰ ৰাজধানী দিল্লীত ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও সময়ৰ অভাৱৰ বাবে সেয়া হৈ নুঠিল ৷ চৰকাৰৰ এনে স্থিতিৰ পৰিপ্ৰেক্ষিতত আক্ৰাছুৱে বাক্সাৰ তামুলপুৰত বুধবাৰে গণ সমাৱেশ অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

লগতে চাওকঃডিমা হাছাওৰ মাহুৰত মাটিৰ তলৰ পৰা নিৰ্গত হৈছে জুই

ABOUT THE AUTHOR

...view details