বাক্সা, ১০ মে': কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ ভাৰতৰ লগতে অসমতো চলিছে তৃতীয় পৰ্যায়ৰ লক ডাউন । কিন্তু তাৰ মাজতে দেওবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তুৰ্গত কুমাৰীকাটাৰ ঢেকীয়াবস্তীত আত্মা সহায়ক গোটে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ।
বাক্সাত মুকলি মাস্ক বিক্ৰী কেন্দ্ৰ - বাক্সাত মুকলি মাস্ক বিক্ৰী কেন্দ্ৰ
বাক্সাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিত মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি । তামুলপুৰ উন্নয়ন খণ্ডৰ অমৰজ্যোতি গ্ৰাম্য সংগঠনৰ অধীনস্থ আত্ম সহায়ক গোটৰ দ্বাৰা তৈয়াৰ কৰা হৈছে মাস্ক সমূহ ।

বাক্সাত মুকলি মাস্ক বিক্ৰী কেন্দ্ৰ
দেওবাৰে পুৱা ভাগত "ASOMI" অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তামুলপুৰ উন্নয়ন খণ্ডৰ অমৰজ্যোতি গ্ৰাম্য সংগঠনৰ অধীনস্থ আত্ম সহায়ক গোটৰ দ্বাৰা তৈয়াৰ কৰা মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়।
কেন্দ্ৰটি মুকলি কৰে কুমাৰীকাটাৰ ঢেকীয়াবস্তিৰ নিবাসী তথা বিশিষ্ট সমাজকৰ্মী খেত বাহাদুৰ ছেত্ৰীয়ে ।