অসম

assam

ETV Bharat / state

বাক্সাত পিতা-পুত্ৰৰ মাস্ক - বাক্সাত পিতা-পুত্ৰৰ মাস্ক

বাক্সাৰ গুৱাবাৰীত পিতা-পুত্ৰই নিজ বাসগৃহতে মাষ্ক প্ৰস্তুত কৰিছে । তামুলপুৰ মহকুমাৰ গুৱাবাৰীৰ ২নং বগৰিখুটিৰ এটি সাধাৰণ পৰিয়ালৰ পিতৃ ৰঞ্জিত দেৱনাথ আৰু তেওঁৰ পুত্ৰ ৰূপম দেৱনাথ পেচাত দৰ্জী আৰু তেওঁলোকে গাওঁবাসীৰ বাবে গামোচা আৰু ডাঠ কাপোৰেৰে মাস্ক বনাই বিনামূলীয়াকৈ মাস্কসমূহ প্ৰদান কৰে ৷

বাক্সাত পিতা-পুত্ৰৰ মাস্ক প্ৰস্তুত
বাক্সাত পিতা-পুত্ৰৰ মাস্ক প্ৰস্তুত

By

Published : Apr 18, 2020, 11:03 AM IST

বাক্সা, 18 এপ্ৰিল: শেহতীয়াকৈ চৰকাৰে প্ৰতিজন ব্যক্তিকে মাস্ক পিন্ধিবলৈ আহ্বান জনোৱাত পিছতে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই গ্রামাঞ্চলত ঘৰুৱাভাৱে মাস্ক বনোৱাত ব্যস্ত হৈ পৰিছে এটি সাধাৰণ পৰিয়াল । চিলাই মেচিনেৰে প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিভিন্ন মাস্ক বনোৱাত ব্যস্ত হৈ পৰিছে তামুলপুৰ মহকুমাৰ গুৱাবাৰীৰ ২নং বগৰিখুটিৰ এটি সাধাৰণ পৰিয়ালৰ পিতৃ ৰঞ্জিত দেৱনাথ আৰু তেওঁৰ পুত্ৰ ৰূপম দেৱনাথে। পেচাত দুয়োজন দৰ্জী যদিও তেওঁলোক এটা সেনাৰ শিবিৰতহে কৰ্মৰত আছিল। কিন্ত লক ডাউনৰ বাবে দুয়োকে ঘৰলৈ উভতাই পঠোৱাত এতিয়া গ্রাম্য অঞ্চলৰ ৰাইজৰ বাবে গামোচা আৰু ডাঠ কাপোৰেৰে মাস্ক বনোৱাত ব্যস্ত হৈ পৰিছে দুই পিতা-পুত্ৰ ।

বাক্সাত পিতা-পুত্ৰৰ মাস্ক প্ৰস্তুত
উল্লেখ্য যে, নিজ ঘৰতে দুয়ো মাস্ক তৈয়াৰ কৰি মাস্ক সমূহ অন্য ঠাইলৈও প্ৰেৰণ কৰি নিম্নতম মাননী লৈছে যদিও গাওঁবাসীৰ বাবে তেওঁলোকে বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰিছে বুলি জানিব পৰা হৈছে ।লগতে পঢ়ক : বৰাকলৈ অত্যাৱশ্যকীয় সামগ্ৰীঃ কনৰাড চাংমাৰ সহায় বিচাৰিলে সোণোৱালে

ABOUT THE AUTHOR

...view details