নাগ্ৰীজুলি, 24 আগষ্টঃ ব'ল বমলৈ বুলি গুৱাহাটীলৈ গৈ বিগত আঠ বছৰে সন্ধানহীন নাগ্ৰীজুলিৰ এজন লোক৷ সন্ধানহীন লোকজন বাক্সা জিলাৰ তামুলপুৰৰ নিবাসী ৩৭ বছৰীয়া কুশল দাস৷ তিনিকন্যাৰ পিতৃ কুশল দাসে নাগ্ৰীজুলিৰ বজাৰত চাহ দোকান দি পত্নীসহ বৃদ্ধা মাতৃ আৰু তিনি কন্যাক পোহ পাল দি আছিল৷ কিন্তু ২০১১চনত স্থানীয় কেইগৰাকীমান ব্যক্তিৰ সৈতে গুৱাহাটীৰ বশিষ্ঠ মন্দিৰলৈ ব'ল বমত অংশ লবৰ বাবে গৈ উভতি নাহে লোকজন৷ পিছদিনা লগৰীয়া সকল ঘৰলৈ উভতি আহে যদিও কুশল দাস ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ পৰিয়ালৰ লোকে গুৱাহাটীলৈ গৈ বিভিন্ন স্থানত বিচাৰিও কোনো সম্ভেদ নাপায় দাসৰ৷ ফলত ঘৰলৈ উভতি আহি কুশলৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷
আঠ বছৰে সন্ধানহীন নাগ্ৰীজুলিৰ এজন লোক - NAGRIJULI
ব'ল বমলৈ বুলি গুৱাহাটীলৈ গৈ বিগত আঠ বছৰে সন্ধানহীন নাগ্ৰীজুলিৰ এজন লোক৷ সন্ধানহীন লোকজন বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কুশল দাস
গুৱাহাটীত আঠ বছৰে সন্ধানহীন নাগ্ৰীজুলিৰ এজন লোক
চলিত বৰ্ষত কুশল দাস নিৰুদ্দেশ হোৱা আঠটা বছৰ অতিক্ৰম কৰিলে যদিও আজিলৈকে কুশল দাসৰ কোনো সম্ভেদ নোলাল৷ কুশল দাস নিৰুদ্দিষ্ট হোৱাৰে পৰা তেওঁৰ পত্নী ৰংমালা দাসে এতিয়া নাগ্ৰীজুলিৰ বজাৰত চাহ দোকান দি তিনি গৰাকী কন্যাক পোহপাল দিবলগীয়া হোৱাত পৰিয়ালটো দিশহাৰা হৈ পৰিছে৷ এতিয়াও কুশল দাস উভতি আহিব বুলি অপেক্ষাৰে বাট চাই আছে বৃদ্ধা মাতৃ, পত্নী আৰু তিনি কন্যা ৷