অসম

assam

ETV Bharat / state

বাক্সাত হাতী-মানুহৰ সংঘাত - হাতী-মানুহ

বাক্সাৰ ডিৰিঙাপুৰত হাতী-মানুহৰ সংঘাট ৷ বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাই তহিলং কৰিলে ধান খেতি ৷ কিন্তু ইমানৰ পাছতো উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷

বাক্সাত হাতী-মানুহৰ সংঘাত

By

Published : Jul 31, 2019, 9:37 PM IST

বাক্সা, 31 জুলাই : বাক্সাৰ ডিৰিঙাপুৰত হাতী আৰু মানুহৰ সংঘাট ৷ বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাই তহিলং কৰিলে ধান খেতি ৷ বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাটাবাৰী ৰেঞ্জৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে যোৱা দুদিন ধৰি নিদ্ৰা হৰন কৰিছে বাক্সাৰ ডিৰিঙাপুৰ গাওৰ ৰাইজৰ ৷ হৈ হাল্লা কৰি হাতীৰ জাকক জংঘললৈ খেদি পথোৱাৰ চেষ্টা স্থানীয় ৰাইজৰ ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাক টোৱে গাঠীৰ ধন খৰছ কৰি ৰোপন কৰা ধান, মাকৈ আদি খেতি খাই তহিলং কৰাৰ পাছত স্থানীয় ৰাইজে হাতীৰ জাক টোক পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘুৰাই পঠিয়াবলৈ চেষ্টা চলাই আছে ৷ কিন্তু সেই ঠাইত বন বিভাগৰ লোক উপস্থিত হোৱা নাই বুলি অভিযোগ স্থানীয় লোকৰ ৷ ইফালে জিলাখনৰ দক্ষিণকুছি বিলপাৰ গাৱত দুটাকৈ বনৰীয়া হাতীয়ে সন্ত্রাসৰ সৃষ্টি কৰে । গংগা দাস আৰু ধিৰাজ ৰয়ৰ নামৰ দুজন লোকৰ ঘৰ ভাঙি থানবান কৰে হাতী দুটাই ।

বাক্সাত হাতী-মানুহৰ সংঘাত

ABOUT THE AUTHOR

...view details