বাক্সা,১৪ জানুৱাৰী: অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ সৈতে সংগতি ৰাখি বাক্সা জিলাৰ কাৰহানা শ্ৰীশ্ৰী কৃষ্ণ সত্ৰত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাঘ মেলা। কাৰহানা শ্ৰীশ্ৰী কৃষ্ণ সত্ৰত অনুষ্ঠিত ৪৫ সংখ্যক মাঘ মেলাৰ কাৰ্যসূচী হিচাপে পুৱা ধৰ্মধজ্জা উত্তোলন কৰে শিবেন দাসে আৰু স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰাণেশ্বৰ মেধিয়ে।
হৰি নামৰ ধ্বনিৰে মুখৰিত বাক্সাৰ কাৰহানা শ্ৰীশ্ৰী কৃষ্ণ সত্ৰ - maghmela
বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ কাৰহানাত অনুষ্ঠিত হৈছে মাঘ মেলা ৷ বাক্সা জিলাৰকাৰহানা শ্ৰীশ্ৰী কৃষ্ণ সত্ৰত অনুষ্ঠিত হোৱা মাঘ মেলাৰ ধৰ্মধজ্জা উত্তোলন কৰে শিবেন দাসে ৷

হৰি নামেৰে মুখৰিত বাক্সাৰ কাৰহানা শ্ৰীশ্ৰী কৃষ্ণ সত্ৰ
হৰি নামেৰে মুখৰিত বাক্সাৰ কাৰহানা শ্ৰীশ্ৰী কৃষ্ণ সত্ৰ
উল্লেখ্য যে, বিশিষ্ট সমাজ কৰ্মী ভবেন দাসে শ্ৰীশ্ৰী কৃষ্ণ সত্ৰৰ দ্বাৰ মুকলি কৰাৰ পাচত হোম যজ্ঞ, শাস্ত্ৰ পাঠ, নাম প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ন কৰে। পহিলা মাঘত ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ২ মাঘত নাগৰা নমতীৰ দ্বাৰা নাম প্ৰসংগেৰে কাৰ্যসূচীৰ সামৰণি পৰিব।
লগতে পঢ়ক:অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে
Last Updated : Jan 14, 2021, 10:41 PM IST