অসম

assam

ETV Bharat / state

বাক্সাত প্ৰেমিক প্ৰেমিকাৰ বিহপান

বিহপান কৰাৰ ফলত মৃত্যু প্ৰেমিকাৰ ৷ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি প্ৰেমিকক

By

Published : Jun 28, 2019, 11:05 PM IST

বাক্সাত প্ৰেমিক প্ৰেমিকাৰ বিহপান

বাক্সা, 28 জুন: বাক্সাৰ চুক্ৰুংবাৰীত চাঞ্চল্যকৰ ঘটনা ৷ এহাল প্ৰেমিক প্ৰেমিকাই বিহপান কৰাৰ ঘটনা সংঘটিত হৈছে গাঁওখনত ৷ ঘটনাটোত ইতিমধ্যে মৃত্যু হৈছে প্ৰেমিকা মামনি খাতুনৰ ৷ আনহাতে, প্ৰেমিক আব্দুল আলীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷ চুক্ৰুংবাৰী হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত আছিল প্ৰেমিক- প্ৰেমিকাহাল ৷ শুকুৰবাৰে বিদ্যালয় ছুটি হোৱাৰ পাচত দুই প্ৰেমিক প্ৰেমিকাই চুক্ৰুংবাৰীৰে ঈদগাহ ফিল্ডত একেলগে বিহপান কৰে ৷ বিহপান কৰাৰ পাছত দুয়ো অজ্ঞান হৈ পৰে ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে বৰপেটাৰোডৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ আগতেই প্ৰেমিকা মামনি খাতুনৰ মৃত্যু ঘটে ৷ প্ৰেমিক প্ৰেমিকাহালে বিহপান কৰাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুয়োৰে ভালপোৱাত অভিভাৱকৰ সন্মতি নথকাৰ ফলতেই এনে কঠোৰ সিদ্ধান্ত লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

বাক্সাত প্ৰেমিক প্ৰেমিকাৰ বিহপান

ABOUT THE AUTHOR

...view details