অসম

assam

ETV Bharat / state

ভুৱা পৰিচয়েৰে প্ৰেমঃ ভণ্ড প্ৰেমিক তালিবুৰ ৰহমানক গ্ৰেপ্তাৰ - বৰবাৰী

তালিবুৰ ৰহমান নামৰ বিবাহিত লোক এজনে ৰমেশ বৰা বুলি ভুৱা পৰিচয় দি বাক্সাৰ বৰবৰীত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । বিগত 26 ফেব্ৰুৱাৰীত ভণ্ড প্ৰেমিকজনে ঘৰত কোনো নোহোৱাৰ সুযোগ লৈ পদূলি মুখৰ পৰাই অপহৰণ কৰে ছাত্ৰীগৰাকীক ।

বাক্সাত বিশ্বাসেই কাল হ'ল এগৰাকী যুৱতীৰ

By

Published : Jun 8, 2019, 1:38 PM IST

বাক্সা, ৮ জুনঃ নাম তালিবুৰ ৰহমান, কিন্তু পৰিচয় দিয়ে ৰমেশ বৰা বুলি ৷ ইতিমধ্যে বিবাহিত লোকজনে নিজকে অবিবাহিত বুলি কৈ ৰচে প্ৰেমৰ নাটক ৷ প্ৰেমৰ অভিনয় কৰা তালিবুৰ ৰহমানৰ ছলনাত ভোল গৈ প্ৰতাৰণাৰ বলি হ'বলগীয়া হ'ল বাক্সাৰ এগৰাকী কিশোৰী ৷ জানিব পৰামতে তালিবুৰ ৰহমান নামৰ বিবাহিত লোক এজনে ৰমেশ বৰা বুলি ভুৱা পৰিচয় দি বাক্সাৰ বৰবৰীত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । বিগত 26 ফেব্ৰুৱাৰীত ভণ্ড প্ৰেমিকজনে ঘৰত কোনো নোহোৱাৰ সুযোগ লৈ পদূলি মুখৰ পৰাই অপহৰণ কৰে ছাত্ৰীগৰাকীক ।

বাক্সাত বিশ্বাসেই কাল হ'ল এগৰাকী যুৱতীৰ

এই ঘটনা সন্দৰ্ভত বৰবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালে। প্ৰায় ৩ মাহৰ অন্তত কালি বাক্সা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং আৰক্ষীৰ সহযোগত অপহৃত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে ভুৱা প্ৰেমিক তালিবুৰ ৰহমানক । আৰক্ষীয়ে জনোৱা অনুসৰি তালিবুৰৰ ঘৰ ডবকাত ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী ৰমেশ বৰাৰ নাম লৈ কিশোৰী অপহৰণত জড়িত তালিবুৰ ৰহমান ৷

লগতে আন এটা বাতৰি- দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details