অসম

assam

ETV Bharat / state

Fight in Puja: পূজা মণ্ডপস্থলীত দুৰ্বাদল কাজিয়া, ই এম গৌতম দাসৰ হস্তক্ষেপ - BTR

পূজা মণ্ডপস্থলীত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ এই সন্দৰ্ভত পূজা কমিটিৰ সভাপতি আৰু সম্পাদকগৰাকীক আৰক্ষীয়ে চকীলৈ লৈ অনাৰ পিচতে অঞ্চলটোত উত্তাল পৰিৱেশৰ সৃষ্টি হয় ৷

Fight in Puja
পূজা মণ্ডপস্থলীত দুৰ্বাদল কাজিয়া, ই এম গৌতম দাসৰ হস্তক্ষেপ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:19 PM IST

পূজা মণ্ডপস্থলীত দুৰ্বাদল কাজিয়া, ই এম গৌতম দাসৰ হস্তক্ষেপ

বৰপেটাৰোড, 24 অক্টোবৰ :বাক্সাৰ শিমলাগুৰিৰ হঁটাপাৰাৰ পূজা মণ্ডপস্থলীত অষ্টমীৰ নিশা হোৱা এক মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সোমবাৰে পূজা কমিটিৰ সভাপতি আৰু সম্পাদকগৰাকীক আৰক্ষীয়ে চকীলৈ লৈ অনাৰ পিচতে অঞ্চলটোত উত্তাল পৰিৱেশৰ সৃষ্টি হয় ৷

জানিব পৰা মতে বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত হটাপাৰাত চলি থকা দুৰ্গা পূজা মণ্ডপৰ সন্মুখত আৰক্ষী কনিষ্টবলৰ উপস্থিতিত বিপ্লৱ সৰকাৰ আৰু খুচি মণ্ডল নামৰ দুজন ব্যক্তিয়ে মদ্যপান কৰি কাজিয়া কৰিছিল। সেই কাজিয়া ভাঙিবলৈ গৈ পূজা কমিটিৰ সভাপতি আৰু সম্পাদকদ্বয়ে দুয়ো পক্ষক শান্ত কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে আৰক্ষী কনিষ্টবলজনক ঠেলা হেঁচা কৰি কোনোবাই ঘোচা মাৰে ৷

ফলত আৰক্ষী কনিষ্টবলক প্ৰহাৰ কৰা বুলি শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক অৱগত কৰাত আৰক্ষী বিষয়াগৰাকীয়ে পূজা কমিটিৰ সভাপতি আৰু সম্পাদকগৰাকীক সোধা পোছাৰ বাবে আৰক্ষী চকীলৈ লৈ আনে ৷

পৰৱৰ্তী সময়ত পূজা সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ক আৰক্ষী চকীলৈ লৈ অহাত স্থানীয় ৰাইজে উত্তেজিত হৈ শিমলাগুৰি আৰক্ষী চকী ঘেৰাও কৰি সভাপতি সম্পাদকক এৰি দিবলৈ দাবী জনায় ৷ শিমলাগুৰি আৰক্ষীয়ে পূজা সমিতিৰ সভাপতি আৰু সম্পাদকক মুকলি কৰি নিদিয়াত স্থানীয় ৰাইজ দলে বলে গৈ বিটিআৰৰ ই এম গৌতম দাসৰ কাষ চাপে ৷ ই এম গৌতম দাসেও শালবাৰীৰ এছ ডি পি অ’ আৰু শিমলাগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়াক পূজা সমিতিৰ সভাপতি, সম্পাদকক মুকলি কৰি দিবলৈ ফোনযোগে নিৰ্দেশনা দিয়ে যদিও আৰক্ষীয়ে মুকলি কৰি নিদিয়ে ৷

পাচত টি আৰৰ ই এম গৌতম দাসে নিজেই শিমলাগুৰি আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীক সভাপতি আৰু সম্পাদকগৰাকীক মুকলি কৰি দিবলৈ আৰক্ষী বিষয়াক হেঁচা দিয়ে ৷ অৱশ্যে পাচত আৰক্ষীয়ে সভাপতি আৰু সম্পাদকগৰাকীক মুকলি কৰি দিয়ে ৷

আনহাতে বি টি আৰৰ ই এম গৌতম দাসে আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক কয় যে, দুচকীয়া বাহনৰ চালকে হেলমেট পিন্ধিছে নাই সেই দায়িত্ব আৰক্ষীৰ নহয়, পৰিবহণ বিভাগৰহে ৷ কিন্তু আৰক্ষীয়ে নীতি বহিৰ্ভূতভাৱে দুচকীয়া বাহন চলোৱা চালকৰ হেলমেটৰ নামত হাৰাশাস্তি কৰে ৷

লগতে পঢ়ক:Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details