বাক্সা,18 ফেব্ৰুৱাৰী: বাক্সা জিলাৰ মুছলপুৰত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান ৷ বুধবাৰে বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰী বাগানৰ চৈধ্য লাইনত বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত মুছলপুৰত আবকাৰী বিভাগে অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে ৷ ইয়াৰ পূৰ্বে অঞ্চলটোত আবকাৰী বিভাগে বহুবাৰ মদৰ ঘাটি উৎখাত কৰিছিল ৷ পুনৰ একাংশই বে-আইনীভাৱে চুলাই মদৰ বেহা চলাই আহিছে ৷ বাৰম্বাৰ সকীয়নি দিয়াৰ পাচতো কোনো গুৰুত্ব নিদিয়াত বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত আবকাৰী বিভাগে বুধবাৰে মদৰ ঘাটিসমূহ উৎখাত কৰে ৷
চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান - বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা
বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত আবকাৰী বিভাগে বুধবাৰে মুছলপুৰত কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে ৷
মুছলপুৰত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান