বাক্সা, 30 মে':বাৰিষাৰ লগে লগেফেনে ফুটুকাৰে বাঢ়ি আহিছে বেঁকী নদী ৷ কিন্তু নৈ খনৰ বুকুতে একাংশ লোকে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম ৷ এমুঠি খাদ্য, এডোখৰ বস্ত্ৰ আৰু অকণমান থকা ঠাইৰ বাবে মানুহে জীৱনত নকৰে কি ? নৈখনৰ কোবাল সোঁতত মৰণত শৰণ দি জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছে বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাঁহবাৰী, নাৰায়ণগুৰি আদি ঠাইৰ লোকসকলে ৷ বছৰৰ পাচত বছৰ ধৰি নৈখনেৰে ভাহি অহা কাঠ বিক্ৰী কৰি পোৱা পইচা কেইটাৰে চলাই আহিছে তেওঁলোকৰ পৰিয়াল ৷
নিজৰ জীৱনকো তুচ্চ কৰি ভৰা বেকীৰ বুকুত জীৱন সংগ্ৰাম চলাই আহিছে এইসকল লোকে ৷ বাৰিষা নৈখন পানীৰে উপচি পৰাৰ লগে লগে অঞ্চলটোৰ ডেকা, বুঢ়াৰ পৰা শিশুলৈ সকলোৱে ব্যস্ত হৈ পৰে কাঠ সংগ্ৰহত ৷ কাৰণ এটাই, এই সময়ত তেওঁলোকৰ হাতত ধন উপাৰ্জনৰ বাবে নাই কোনো কাম ৷