অসম

assam

By

Published : Jul 25, 2021, 9:19 PM IST

ETV Bharat / state

তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে অমিত শ্বাহে

দেওবাৰে তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Tamulpur Medical College Hospital)ৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ৷ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ নিৰ্মাণ হ’বলগীয়া এই হাস্পতালখন হৈছে বিটিআৰ (BTR)ত স্থাপন হ’বলগীয়া প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷

laying of foundation stone of tamulpur medical college hospital
তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপন

বাক্সা/গুৱাহাটী, 25 জুলাই : বাক্সা জিলাৰ তামুলপুৰৰ কচুবাৰীত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Medical College Hospital)ৰ দেওবাৰে ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ৷ বিটিআৰ (BTR)ত স্থাপন হ’বলগীয়া এইখন প্ৰথম চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ৷ বহু প্ৰত্যাশিত এই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনে তামুলপুৰক কেন্দ্ৰ কৰি কেইবাখনো গাঁৱৰ ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

আধাৰশিলা স্থাপন কৰি গৃহমন্ত্ৰী শ্বাহে কয় যে, অসমে আন্দোলন নকৰিলে একো নাপায় বুলি চলি অহা ধাৰণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi)ৰ বিকাশমুখী শাসনকালত ভুল প্ৰমাণিত হৈছে । মোডীৰ নেতৃত্ব উত্তৰ-পূৱৰ সকলোৱে স্বীকাৰ কৰিছে । মোডীৰ বিকাশ যাত্ৰা অসমক লাগিব আৰু এই যাত্ৰা আগবঢ়াই নিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বড়ো চুক্তিৰ সকলো দফা পূৰণ কৰা হ’ব বুলিও তেওঁ দোহাৰে ।

উত্তৰ-পূৱৰ ভাষা-সংস্কৃতি সমগ্ৰ ভাৰতৰ সম্পদ বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপন

শ্বাহে কয় যে, নিৰ্বাচনৰ পূৰ্বে বহু অপপ্ৰচাৰ চলিছিল । বহু ৰাজনৈতিক দলৰ জন্ম হ’ল । কিন্তু ৰাইজে অসমক বিকাশৰ পথেৰে আগবঢ়াই নিয়াৰ দায়িত্ব বিজেপি (BJP)কহে দিলে ।

আনহাতে, অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বড়ো চুক্তি স্বাক্ষৰৰ দুবছৰ পূৰ্ণ হোৱাৰ পূৰ্বেই চুক্তিৰ সকলো দফা পূৰণ কৰা হ’ব । তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Tamulpur Medical College Hospital)খনে সেই অঞ্চলৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰিব ৷ অসমত ইতিমধ্যে 6 খন চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাম সম্পূৰ্ণ হ’ল । বাকী থকা 8 খনৰ নিৰ্মাণকাৰ্য চলি আছে ।

বাজেটত নতুনকৈ আৰু 5 খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ কথা ঘোষণা কৰা হৈছে । ইয়াৰোপৰি গোৱালপাৰা আৰু কৰিমগঞ্জত এখনকৈ আৰু গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে চৰকাৰে । বিটিআৰ (BTR)ত প্ৰমোদ বড়ো (Pramod Boro)ৰ চৰকাৰে ইতিমধ্যে কেইবাটাও বৃহৎ অনুষ্ঠান, প্ৰকল্প অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বড়ো শান্তি চুক্তিয়ে বিটিআৰত আমোল পৰিৱৰ্তন আনিছে ৷

মেডিকেল কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কাৰিকৰী বিশ্ববিদ্যালয়, বিএড কলেজ আদি স্থাপন কৰা হ’ব ৷ তামুলপুৰৰ কাষতে থকা ভূটানৰ পৰাও সহযোগিতা পাব বুলিও আশা কৰিছে তামুলপুৰবাসীয়ে ৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে তামুলপুৰত উপস্থিত থাকে বিটিআৰৰ প্ৰশাসনিক বিষয়া আই এ এছ শান্তনু পি গোটমাৰে (Shantanu P Gotmare), কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী (Ranendra Narzary)ৰ লগতে বিটিআৰৰ বহু শীৰ্ষ বিষয়া ৷

লগতে পঢ়ক :ডিমা হাছাও জিলাৰ টুংজে গাঁৱত পৰ্যটকৰ ভীৰ

ABOUT THE AUTHOR

...view details