বৰমা,১৬ নবেম্বৰ: বাক্সাত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ ৷ বাক্সা জিলাৰ নয়াবস্তিৰ মৈথাবাৰীত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এ কে 47 ৰ লগতে এটা মেগজিনসহ ৪৭ টা সজীৱ গুলী ৷ বাক্সাৰ উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাই জনোৱা মতে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে চলোৱা এক অভিযানত উদ্ধাৰ কৰে অস্ত্ৰসমূহ ৷
বাক্সাত মাৰণাস্ত্ৰ উদ্ধাৰ - নিষিদ্ধ সংগঠন
বাক্সাৰ নয়াবস্তিৰ মৈথাবাৰী গাঁৱত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ ৷ এ কে 47 ৰ লগতে এটা মেগজিনসহ ৪৭ জাই সজীৱ গুলী উদ্ধাৰ কৰে বাক্সা আৰক্ষীয়ে ৷
বাক্সাত উদ্ধাৰ AK-47সহ বৃহৎ পৰিমানৰ অস্ত্ৰ
এতিয়ালৈকে কোনে কি কাৰণে অস্ত্ৰখিনি মাটিত পুতি থৈছে বা কোনো নিষিদ্ধ সংগঠনৰ নেকি সেই বিষয়েও কোনো তথ্য হাতত পৰা নাই ৷ অৱশ্যে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ৷