বাক্সা, ২১ জুন :ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে (Flood and Landslide in Assam)। বহু লোক গৃহহীন হৈ পৰাৰ লগতে চৰকাৰী আৰু ৰাজহুৱা সম্পত্তিও ধ্বংসপ্ৰাপ্ত হৈছে । এইবাৰ বাক্সা জিলাস্থিত ভাৰত-ভূটান সীমান্ত মইনাপুখুৰী ভূইচম্পা দেৱীৰ মন্দিৰলৈ নামি আহিছে সংকট (Existential crisis of Bhuichampa Devi temple)। কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ কৱলত পৰিছে মন্দিৰ চৌহদ ।
আনকি মন্দিৰটোৰ ঠায়ে ঠায়ে ফাট মেলিছে (Landslide at Bhuichampa Devi Temple)। মন্দিৰ চৌহদৰ বহু অংশ ইতিমধ্যে খহি পৰিছে । এনেদৰে থাকিলে অতি সোনকালে সম্পূৰ্ণ মন্দিৰটো নিঃশেষ হৈ যাব বুলি শংকিত মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় বাসিন্দা । মন্দিৰটোৰ প্ৰতি সংকট নামি অহাৰ খবৰ পোৱাৰ লগে লগে মঙলবাৰে সেই স্থানত উপস্থিত হয় কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম ।
বাক্সা জিলাৰ ঐতিহাসিক মইনাপুখুৰী ভূইচম্পা দেৱীৰ মন্দিৰলৈ ভাবুকি ভূমিস্খলন প্ৰতিৰোধ কৰি মন্দিৰটো পুনঃ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰী ইউ জি ব্ৰহ্মই প্ৰতিশ্ৰুতি দি কয় যে ঐতিহাসিক মন্দিৰটোৰ সৈতে মানুহৰ আস্থা, আবেগ জড়িত হৈ আছে । সেয়েহে মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে তেওঁ যিমান পাৰে তেওঁৰ ফালৰ পৰা চেষ্টা কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈও এই খবৰ প্ৰেৰণ কৰিব বুলি তেওঁ উল্লেখ কৰে ।
ইফালে যেতিয়ালৈকে মন্দিৰটো পুনৰ নিৰ্মাণ কৰি এক সুৰক্ষিত পৰ্যায়লৈ লৈ যাব পৰা নাযায়, তেতিয়ালৈকে কোনো দৰ্শনাৰ্থীকে মন্দিৰ চৌহদত প্ৰৱেশ নকৰিবলৈ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে । কোনো লোকে যদি তাত প্ৰৱেশ কৰে আৰু অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি তাৰ বাবে পৰিচালনা সমিতি দায়ী নহ'ব বুলিও ইতিমধ্যে ঘোষণা কৰিছে । আনহাতে জিলা প্ৰশাসনেও মন্দিৰটো দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়ে ।
লগতে পঢ়ক :ৰঙিয়াৰ চেপ্তিত বানত সন্ধানহীন জুমন দাসৰ মৃতদেহ উদ্ধাৰ