অসম

assam

ETV Bharat / state

বাক্সাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ মাজত সংঘাত - অবড়ো সুৰক্ষা সমিতি

চৰকাৰী ভূমিক লৈ বাক্সা জিলাত দুই ফৈদৰ মাজত সংঘাত ৷ সংঘাতত গুৰুতৰভাৱে আহত হয় বহু কেই গৰাকী লোক ৷ ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ নেতৃত্বত সংঘটিত হোৱা বুলি অভিযোগ উখাপন কৰিছে ৷ তিনি শতাধিক পুৰুষ-মহিলাই হাতে হাতে ৰ'ড, লাঠীৰে আক্ৰমণ কৰাৰ অভিযোগ উখাপন হৈছে ৷

Land dispute in Assam Baksa, 6 injured
বাক্সাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ মাজত সংঘাত, আহত 6

By

Published : Aug 8, 2020, 12:04 AM IST

বৰমা, 7 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বাক্সা জিলাৰ বাগানপাৰাৰ শিমলাবাৰীত চৰকাৰী ভূমি কেন্দ্ৰীক বিবাদত একেটা পৰিয়ালৰ 6 গৰাকী লোক আহত হোৱাৰ তথ্য আহি পৰিছে ৷ চৰকাৰী ভূমিত খেতি কৰাক লৈ দুই ফৈদৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ ৷ পৰৱৰ্তী সময়ত কাজিয়াই সংঘাতৰ ৰূপ লোৱাত বহু কেই গৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে ৷

বাক্সাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ মাজত সংঘাত, আহত 6

তথ্য অনুসৰি, অঞ্চলটোৰ চিমলাবাৰী চুপাৰ 35 বিঘা চৰকাৰী ভূমিত বিগত কেইবা দশক ধৰি থাইখ্ৰোপাৰা চূপা আৰু চিমলাবাৰী চূপাৰ লোক সকলে মিলাপ্ৰীতিৰে খেতি কৰি আহিছিল । কিন্তু ডেৰ বছৰ পূৰ্বে থাইখ্ৰোপাৰা বড়ো চূপাৰ লোক সকলে অবৈধভাবে সেই ভূমি দখল কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উখাপন হৈছে ৷ বিগত দুদিন ধৰি এই বিবদমান ভূমিত উক্ত গাঁৱৰ লোক সকলে হাল বোৱাত চিমলাবাৰীৰ অকন পাঠকৰ পৰিয়ালে বাধা দিয়াৰ উদ্দেশ্যে প্ৰশাসনক অবগত কৰে । প্ৰশাসনে আহি উক্ত ভূমি চিল কৰাৰ পিচতে উত্তেজিত থাইখ্ৰোপাৰা বড়ো চূপাৰ তিনি শতাধিক লোকে অকনৰ পৰিয়ালৰ লোক সকলৰ ওপৰত আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে । আনহাতে, বাগানপাৰা সমষ্টিৰ প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে ।

বাক্সাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ মাজত সংঘাত, আহত 6

ইফালে, এই ঘটনাৰ পাচত পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, থাইখ্ৰোপাৰা বড়ো চূপাৰ তিনি শতাধিক পুৰুষ-মহিলাই হাতে হাতে ৰ'ড, লাঠী আদিৰে চিমলাবাৰী চুপাৰ অকন পাঠকৰ ঘৰলৈ আহি আক্ৰমণ চলাই । এই আক্ৰমণত মৃদুল পাঠক, কমল পাঠক, ৰশ্মী পাঠক, সুমিতা পাঠক, ভিতালী পাঠক গুৰুতৰভাবে আহত হয় । ইপিনে দলবদ্ধ আক্ৰমণৰ পৰা এই পৰিয়ালটোক ৰক্ষা কৰাৰ বাবে আগবাঢ়ি অহা গাঁৱৰ ফুলেন হালৈ, ৰমেশ হালৈ, নীলিমা কলিতা আৰু সৰ্বে কৈৱৰ্তকো আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগ উখাপন হৈছে ৷

বাক্সাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ মাজত সংঘাত, আহত 6

আনহাতে, বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী কাতিৰাম বড়োৰ নেতৃত্বত সজাতি দলে শুকুৰবাৰে উক্ত ঠাই পৰিদৰ্শন কৰে আৰু পৰিস্থিতি বুজ লোৱাৰ উপৰিও এখন সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত ইউপিপিএল দলৰ সাংগঠনিক সম্পাদক মজিৱ আলী আহমেদে কয় যে, উক্ত ঘটনাক কেন্দ্ৰ কৰি অবড়ো সুৰক্ষা সমিতিয়ে ইউপিপিএল দলে ঘটনাটোৰ লগত জড়িত বুলি প্ৰচাৰ কৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰো ইংগিত দিয়ে ৷ তেওঁ লগতে কয় যে, অবড়ো সুৰক্ষা সমিতিয়ে বিটিএডিত বড়ো-অবড়োৰ মাজত সংঘাত আনিব বিচাৰিছে ৷ নিজৰ মুনাফা অৰ্জন কৰাই অবড়ো সুৰক্ষা সমিতিৰ মুল উদ্দেশ্য বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নতুন ৰাজনৈতিক সমীকৰণৰ অংকত ব্যস্ত নেকি প্ৰফুল্ল মহন্ত!

ABOUT THE AUTHOR

...view details