বাক্সা, 22 ছেপ্তেম্বৰ :মুখ্যমন্ত্ৰী নিৰ্দেশনাৰ পিছতে এইবাৰ নিচাজাতীয় সামগ্ৰীৰ দৰে ৰাজ্যত চলি থকাদালাল ৰাজৰ বিৰুদ্ধে সস্তম হৈছে অসম আৰক্ষী ৷ সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে 400 ৰো আধিক দালাল ৷
সমান্তৰালকৈ বাক্সাৰ মুছলপুৰতো আৰক্ষীয়ে দালাল চক্ৰৰ বিৰুদ্ধে চলাইছে অভিযান ৷ মঙলবাৰে বাক্সাৰ মুছলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ 8 টা দালালক আৰক্ষীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আটক কৰে ৷ আটকাধীন দালাল কেইটা হ’ল ক্ৰমে মংগল বড়ো, প্ৰফুল্ল হালৈ, সঞ্জীৱ বড়ো, তৰণী ৰয়, ধনেশ্বৰ ডেকা, হৰেণ দাস, শিবেন তালুকদাৰ আৰু ভূপেন বনিয়া ৷
জানিব পৰা মতে, মঙলবাৰে মুছলপুৰত আটক হোৱা আটাইকেইজন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ণভুক্ত তৰণী ৷ প্ৰাপ্ত তথ্য অনুসৰি, 10ৰ পৰা 40 বছৰ ধৰি তেওঁলোকে তৰণী হিচাপে কাম কৰি আহিছে ৷