বাক্সা,12 মে': বাক্সাত আন এগৰাকী জানমণিৰ কাহিনী ৷ চাইকেল মেৰামতি কৰি নিদৰ্শন দেখুৱাইছে বাক্সাৰ ভিতালী ঠাকুৰীয়াই ৷ বৃদ্ধ পিতৃ-মাতৃক প্ৰতিপাল কৰাৰ ক্ষেত্ৰত ককায়েকৰ সৈতে সমানে সমানে হাতে কামে লাগিছে ভিতালীয়ে ৷ শৈক্ষিক জীৱন আধাতে সামৰি গ্ৰহণ কৰিছে পৰিয়ালৰ দায়িত্ব ৷
কিতাপৰ পৰিৱৰ্তে হাতত ৰেঞ্চ ধৰি জীৱন যুঁজত নামিছে ভিতালী...
" ল'ৰা মানুহেই যে অকল কাম কৰিব লাগে তেনে নহয় ,ছোৱালীয়েও পাৰে সাহস কৰিলে ৷ " এই ভাষ্য ভিতালী ঠাকুৰীয়াৰ ৷ ককায়েকৰ সৈতে সমানে সমানে খোজ মিলাই পৰিয়ালৰ দ্বায়িত্ব গ্ৰহণ কৰিছে বাক্সাৰ ভিতালীয়ে ৷
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাৰ ধৰ্মেশ্বৰ ঠাকুৰীয়াৰ কন্যা ভিতালী ৷ আৰ্থিক দৈন্যতাৰ বাবে নৱম শ্ৰেণীতে ভিতালীয়ে সামৰিছিল শিক্ষা জীৱন ৷ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে বিগত দুবছৰ পূৰ্বে হাতত ৰেঞ্চ তুলি লৈছিল কিশোৰীগৰাকীয়ে ৷ হাত উজান দিছিল মেকানিক ভাতৃক ৷ পিচত সকলোবোৰ কাম নিজে আয়ত্ব কৰি লোৱা ভিতালীয়ে ভাতৃৰ অনুপস্থিতিত বৰ্তমান নিজেই চাইকেল মেৰামতি কৰে আৰু এনেদৰেই ভিতালীয়ে আৰম্ভ কৰে মেকানিকৰ জীৱন ৷ চাইকেল মেৰামতি কৰি দৈনিক লাভ কৰা তিনি চাৰিশ টকাৰে চলে তেওঁলোকৰ সৰু পৰিয়ালটো ৷
লগতে পঢ়কঃন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !