বাক্সা, 7 নবেম্বৰ :গুৱাহাটীৰ এজন ব্যৱসায়ী যুৱকক কৌশলেৰে তামুলপুৰলৈ মাতি অপহৰণ কৰি ধন দাবী কৰা তিনিগৰাকী যুৱক ৰঙা ঘৰৰ আলহী হ’ব লগা হোৱা ঘটনাই সমগ্ৰ তামুলপুৰ মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে । তামুলপুৰ আৰক্ষী সূত্ৰই প্ৰকাস কৰা মতে, নলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপাৰকুছিৰ অমিত শৰ্মা নামৰ যুৱক এজনে গুৱাহাটীৰ ব্যৱসায়ী দিগন্ত বুজৰবৰুৱাক তামুলপুৰ বজাৰত চিচি কেমেৰা লগাব লাগে বুলি মাতি আনে । তামুলপুৰ আহি পোৱাৰ পিচত অমিতে আন কেইজনমান যুৱকৰ লগত লগ লাগি কৌশলেৰে দিগন্তক তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহকাটা-বালাবাৰীৰ ওচৰত পাগলাদিয়া নদীৰ পাৰত জনশূন্য মথাউৰিলৈ লৈ যায় আৰু ১০ লাখ টকা বিচাৰি মৃত্যুৰ ভাবুকি দিয়ে ।
পিছত যুৱক কেইজনে নেট বেংকিংৰ জৰিয়তে দিগন্তৰ বেংক একাউন্টত থকা ২২০০০ হাজাৰ টকা অমিত শৰ্মাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি নিয়ে আৰু কেইখনমান উকা দলিলত দিগন্তৰ চহী কৰাই লয় আৰু মুকলি কৰি দিয়ে । যোৱা ৫ নৱেম্বৰত দিগন্ত বুজৰবাৰুৱাই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । দিগন্তৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰা আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শুকুৰবাৰে নিশা নলবাৰীৰ জাপাৰকুছিত উপস্থিত হৈ অমিত শৰ্মাৰ ঘৰত তালাচী চলায় ৷ অৱশ্যে অমিতক কৰায়ত্ত কৰাত বিফল হয় আৰক্ষী ।