অসম

assam

ETV Bharat / state

কমল দেউৰীৰ হাতত প্ৰাণ পাইছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি - a prominent person

ভাস্কৰ্য শিল্পৰে নিৰলস সাধনা বাক্সাৰ কমল দেউৰীৰ হাতত প্ৰাণ পাইছে বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি ৷ সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি আগ্ৰহী আছিল কমল দেউৰী । বৰপেটা জিলাৰ বৰঘোপাত জন্মগ্ৰহণ কৰা কমল দেউৰীয়ে সম্প্ৰতি বাক্সা জিলাৰ বৰমাত থাকিয়ে সৃষ্টি কৰি আহিছে এই নিৰলস সাধনা ।

kamal-deori-creates-an-image-of-various-prominent-person
বাক্সাৰ কমল দেউৰীৰ হাতত বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি

By

Published : Jun 25, 2021, 9:01 PM IST

Updated : Jun 26, 2021, 3:12 PM IST

বাক্সা, 25 জুন :যিয়ে শিল পানীৰ দৰে পি খাব পাৰে সেয়ে শিল্পী ৷ শিল্পীৰ আছে এক নিজস্ব তাগিদা ৷ শিল্পৰ প্ৰতিটো সৃষ্টিত জিলিকি ৰয় এটা নতুন ৰূপ ৷ এগৰাকী ভাস্কৰ্য শিল্পী । যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ প্ৰাণ ।

সম্পূৰ্ণ ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আদিৰে সৃষ্টি কৰি আহিছে একো একোজনকৈ বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি । সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি অশেষ ধাউতি থকা এই ব্য়ক্তিজনৰ জনৰ নাম কমল দেউৰী । বৰপেটা জিলাৰ বৰঘোপাত জন্মগ্ৰহণ কৰা কমল দেউৰীয়ে সম্প্ৰতি বাক্সা জিলাৰ বৰমাত থাকিয়ে সৃষ্টি কৰি আহিছে এই নিৰলস সাধনা । সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা কমলে কোকৰাঝাৰ মিউজিক ফাইন আৰ্টচত নাম ভৰ্তি কৰে ।

ইয়াৰ পিছতে বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতেই আনুষ্ঠানিকভাৱে জড়িত হৈ পৰে শিল্পকলাৰ জগতখনৰ সৈতে ৷

কমল দেউৰীৰ হাতত প্ৰাণ পাইছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি

ইতিমধ্যে নৱ প্ৰভাত নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ অনুৰোধত আধুনিক বৰমাৰ খনিকৰ ৰত্নেশ্বৰ শৰ্মা, বি কে ভাণ্ডাৰী আৰু গোপী চৌধুৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা বুলি ভাস্কৰ্য শিল্পী কমল দেউৰীয়ে জানিবলৈ দিয়ে । ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আৰু হীৰা মাটিৰে নিৰ্মাণ কৰা প্ৰতিটো প্ৰতিমূৰ্তিৰ দাম ভিন্ন বুলি মন্তব্য কৰে । ফাইবাৰ গ্লাছেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য 60 হাজাৰ টকা আৰু ব্ৰঞ্জেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য 3 লাখ টকা নিৰ্ধাৰণ কৰা বুলি জনায় ।

ইতিমধ্যে বহু বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে অদূৰ ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিশ্বৰত্ন সুধাকন্ঠ ভূপেন হাজৰিকা আৰু বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে শিল্পী কমল দেউৰীয়ে । প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে সমান্তৰালভাৱে তেওঁ চলাই গৈছে 'ৰেইনবো' আৰ্ট স্কুল' নামৰ এখন শিক্ষানুষ্ঠানো । সম্পূৰ্ণ স্বকীয়তাৰে স্থাপন কৰি কলা তথা ভাস্কৰ্য শিল্পৰ বিষয়ে বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা দি আহিছে এই শিক্ষানুষ্ঠানখনত । সম্প্ৰতি ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা বুলি তেখেতে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ধেমেচীৰ পথাৰত ট্ৰেক্টৰ চলোৱা ছোৱালীজনী

Last Updated : Jun 26, 2021, 3:12 PM IST

ABOUT THE AUTHOR

...view details