অসম

assam

ETV Bharat / state

17 বছৰে হাগ্ৰামাৰ শাসন কালত শ্বহীদৰ পৰিয়ালে একোৱেই নাপালে: জৌংশ্ৰাং ব্ৰহ্ম - 25 নং বাগানপাৰা পৰিষদীয় সমষ্টি

বিটিএডিত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ স্বাৰ্থতেই ৰাইজে ইউপিপিএল দলক ভোট প্ৰদান কৰিব ৷

Jaunshrang Brahma Comment on Hagrama Mohilary Govt
17 বছৰে হাগ্ৰামাৰ শাসন কালত শ্বহীদৰ পৰিয়ালে নাপালে একো : জৌংশ্ৰাং ব্ৰহ্ম

By

Published : Sep 21, 2020, 3:20 PM IST

বৰমা, 20 ছেপ্তেম্বৰ :বাক্সা জিলাৰ 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক জৌংশ্ৰাং ব্ৰহ্ময়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰে সমষ্টিটোৰ শান্তিপুৰ গাঁৱত উপস্থিত হয় ৷

জৌংশ্ৰাং ব্ৰহ্ময়ে জানিবলৈ দিয়ে যে, ইউপিপিএল দলে বিটিএডি পৰিষদীয় নিৰ্বাচনত চল্লিশটা পদত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ইয়াৰে 27 পৰা 30 খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে ৷

17 বছৰে হাগ্ৰামাৰ শাসন কালত শ্বহীদৰ পৰিয়ালে নাপালে একো : জৌংশ্ৰাং ব্ৰহ্ম

বিটিএডিত ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ স্বাৰ্থতেই ৰাইজে ইউপিপিএল দলক ভোট প্ৰদান কৰিব ৷ তাৰোপৰি 17 টা বছৰে হাগ্ৰামাৰ শাসন কালত শ্বহীদৰ পৰিয়ালে আজিলৈকে একো নাপালে বুলিও কয় জৌংশ্ৰাং ব্ৰহ্মই ৷

জৌংশ্ৰাং ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

ইয়াৰ লগতে বিটিএডিত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীক বঞ্চিত কৰি আহিছে, এই জাতি জনগোষ্ঠীয়ে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ভোট প্ৰদান কৰিব ৷ বিটিআৰ চুক্তিৰ ক্ষেত্ৰত তেওঁ কয় যে, বিটিআৰ চুক্তি সকলো জনগোষ্ঠীৰ লোকৰ বাবে কৰা এক চুক্তি ৷ বিটিএডিত বাস কৰা সকলো জাতিয়ে এই চুক্তিৰ দ্বাৰা লাভৱান হ’ব বুলিও কয় ৷

লগতে চাওক-আজি আইপিএলত কোহলিৰ সন্মুখত ৱাৰ্ণাৰ

ABOUT THE AUTHOR

...view details