বাক্সা,23 জুলাই : ক্ৰমাত উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ কিন্তু বানৰ পৰিস্থিতি উন্নত হোৱাৰ সমান্তৰালৈক বানাক্ৰান্তৰ মাজত বৃদ্ধি পাইছে খাদ্যৰ সমস্যাকে ধৰি আন বিভিন্ন ধৰণৰ সমস্যা৷ ৰাজ্যৰ আন সমুহ জিলাৰ লগতে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বাক্সা জিলা তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা গাঁও ৷ উল্লেখ্য যে গাওঁ খনৰ কাষেৰে বৈ যোৱা পাগলাদিয়া নৈৰ খহনীয়াৰ লগতে শেহতীয়া বানত আক্ৰান্ত কেবাটাও পৰিয়াল গাঁওখনত থকা মছজিদত অস্থায়ী ভাৱে নিৰ্মাণ কৰা আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ বিগত সময়ছোৱাত এই লোকসকলক খাদ্য আৰু বস্ত্ৰৰ অভাৱে বাৰুকৈয়ে জুৰুলা কৰি পেলাইছে ৷
বাক্সাৰ তামুলপুৰৰ বৰবিলাত বানাক্ৰান্তক সাহায্য বিতৰণ জমিয়ত উলামাৰ - জমিয়ত উলামা
বানপীড়িত সকলক যথোচিত সাহাৰ্য্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান বাক্সা জিলা জমিয়ত উলামাৰ সভাপতি মৌলনা জাকিৰ হুছেইন আৰু জালি জমিয়ত উলামাৰ সভাপতি মৌলনা চাহ আলম চাহেবৰ ৷
সোমবাৰে সৰ্ব ভাৰতীয় জমিয়ত উলামাৰ সভাপতি ছৈয়দ মৌলানা আর্চাদ মাদানীৰ নিৰ্দেশ মৰ্মে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মোষ্টাক আহমদ আনফৰ চাহাবৰ সহযোগত বাক্সা জিলা জমিয়ত উলামাৰ উদ্যোগত বৰবিলা গাঁওত বানাক্ৰান্ত সকলৰ মাজত সাহাৰ্য্য বিতৰণ কৰা হয়৷ বাক্সা জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা জাকিৰ হুছেইন আৰু বজালী জমিয়ত উলামাৰ সভাপতি মৌলানা চাহ আলম চাহেবৰ নেতৃত্বত হোৱা সাহাৰ্য্য অনুষ্ঠানত বানাক্ৰান্ত লোকসকলৰ মাজত বিভিন্ন ধৰণৰ বস্ত্ৰ বিতৰণ কৰা হয়৷ লগতে বৰবিলা গাঁওখন বাক্সা জিলাৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক বানপীড়িত সকলক যথোচিত সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনায় বাক্সা জিলা জমিয়ত উলামাৰ সভাপতি মৌলনা জাকিৰ হুছেইন আৰু জালি জমিয়ত উলামাৰ সভাপতি মৌলনা চাহ আলম চাহেবে ৷