অসম

assam

ETV Bharat / state

পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ দল বিজেপি: মন্ত্ৰী ভৱেশ কলিতা

মুছলপুৰত অনুষ্ঠিত এখন দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ভৱেশ কলিতাই সংবাদ মাধ্যমযোগে উল্লেখ কৰে কেতবোৰ মন্তব্য ৷ তেওঁৰ মতে, "পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ দল ভাৰতীয় জনতা পাৰ্টী ৷ যিয়ে যিমানেই মহাজোঁট নকৰক কিয় কাউন্সেলিং কেন্দ্ৰত সকলোৱে মূৰে কপালে হাত দি বহি থাকিব লাগিব ৷"

By

Published : Sep 10, 2020, 7:40 PM IST

মন্ত্ৰী ভৱেশ কলিতা
মন্ত্ৰী ভৱেশ কলিতা

বাক্সা, 10 ছেপ্তেম্বৰ:বৃহস্পতিবাৰে মুছলপুৰত অনুষ্ঠিত এখন দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷ অনুষ্ঠানত মুছলপুৰৰ একাংশ লোকে যোগদান কৰে বিজেপি দলত ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিৰ্বাচন সম্বন্ধীয় কেতবোৰ বিষয় উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ অক্টোবৰ মাহত পূজাৰ আগত বা পাচতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰে মন্ত্ৰী কলিতাই ৷ আনহাতে তেওঁ সংবাদ মাধ্যমযোগে কয় যে,বহু ৰাজনৈতিক আহিব আৰু যাব, কিন্তু অসমীয়া ৰাইজ সদায় ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আছে ৷ তেওঁৰ মতে,পৃথিৱীৰ ভিতৰতে হেনো শ্ৰেষ্ঠ দল ভাৰতীয় জনতা পাৰ্টী,তেওঁলোকে কাকো ভয় নকৰে ৷ যিয়ে যিমানেই মহাজোঁট নকৰক কিয় কাউন্সিলিং কেন্দ্ৰত সকলোৱে মূৰে কপালে হাত দি বহি থাকিব লাগিব ৷

পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ দল বিজেপি: মন্ত্ৰী ভৱেশ কলিতা

ইয়াৰোপৰি তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰজোঁটক ৷ আনহাতে ভাৰতীয় জনতা পাৰ্টীয়ে আজিলৈ প্ৰতাৰণা কৰা নাই বুলিও কয় তেওঁ ৷ বিটিচি নিৰ্বাচনত 20ৰো অধিক আসন লাভ কৰিব বুলিও উল্লেখ কৰে তেওঁ ৷ লগতে 21 ত পুনৰ বিজেপিৰ নেতৃত্বৰ চৰকাৰ গঠন হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:উন্নয়নৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান ধুবুৰীৰ এটা বৃহত্তৰ অঞ্চল

ABOUT THE AUTHOR

...view details