বাক্সা, ২৯ জুলাই:মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অতিথিশালাত শুকুৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত "বিশ্ব ব্যাঘ্ৰ দিৱস" উদযাপন কৰা হয়(International Tiger Day observed in manas national park) । এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া(OSD) বাবুল ব্ৰহ্ম, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্র শৰ্মাৰ লগতে স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ বহু লোক উপস্থিত থাকে ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ব্যাঘ্ৰ দিৱসত অংশগ্রহণ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক বাবুল ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে, মানাহ ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ ৷ ইয়াক সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব ৷ তেওঁ লগতে কয় যে, শেহতীয়াকৈ আৰু নতুনকৈ ১৮ টা বাঘৰ সন্ধান পোৱাৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা ৪৮ টালৈ বৃদ্ধি পাইছে ।