নিউজ ডেস্ক, 25 আগষ্ট :বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বাঁশবাৰী খণ্ডত চলি থকা বন ধ্বংস আৰু নদীৰ বুকুৱেদি অবৈধভাৱে কাঠ সৰবৰাহৰ বিষয়টোৰ অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগক ৷ বনবিভাগৰ সচিব এম. বৰুৱা সেনে শনিবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা প্ৰেৰণ কৰি দেব কলিতাক অনুসন্ধানৰ দায়িত্ব অৰ্পন কৰিছে ৷
এই অবৈধ কাৰ্য-কলাপ চলি থকা বন খণ্ডটোৰ দায়িত্বত থকা বিষয়াসকলৰ নাম নিৰ্দিষ্ট কৰাৰ লগতে সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিষয়াগৰাকীক ৷ তাৰোপৰি প্ৰয়োজনত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবেও উল্লেখ কৰা হৈছে এই নিৰ্দেশনাত ৷