বাক্সা, 5 জানুৱাৰী: আজিও চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বাক্সা জিলাৰ সুৱনখাটাৰ কেইবাখনো গাঁও ৷ চৰকাৰী আঁচনিৰ বিষয়ে বুজি নাপায় গাঁও কেইখনৰ ৰাইজে ৷ কিয়নো সকলো ধৰণৰ চৰকাৰী সুবিধাৰ পৰাই বঞ্চিত তেওঁলোক ৷
শিল ভাঙি জীৱন নিৰ্বাহ কৰা ভাৰত-ভূটান সীমান্তৰ এটা অঞ্চল - চৰকাৰী আঁচনিয়ে ঢুকি নাপায় ভাৰত-ভূটান সীমান্তৰ ৰাইজক
আজিও চৰকাৰী আঁচনিৰ বিষয়ে বুজি নাপায় বাক্সা জিলাৰ সুৱনখাটাৰ কেইবাখনো গাঁৱৰ ৰাইজে ৷ কিয়নো সকলো ধৰণৰ চৰকাৰী সুবিধাৰ পৰাই বঞ্চিত তেওঁলোক ৷
দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা গাঁৱৰ ৰাইজে হাজিৰা নাপালে হাতত হাতুৰী লৈ ওলাই যায় দিৰিং নৈৰ বুকুত শিল কাটিবলৈ ৷ তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে ভাঙি থোৱা শিল পৰৱৰ্তী সময়ত পথ নিৰ্মাণৰ দায়িত্বত থকা একাংশ ঠিকাদাৰে লৈ যায় ৷ যাৰ বিনিময়ত তেওঁলোকক প্ৰতি চি.এম শিলৰ মূল্য প্ৰদান কৰা হয় 350 ৰ পৰা 400 টকা ৷ পৰিৱৰ্তন,উন্নয়ন আদিৰ শ্ল'গান প্ৰদান কৰা শাসনাধীন চৰকাৰ খনৰ দৃষ্টি গোচৰ হোৱা নাই জিলা খনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁওসমূহৰ অৱস্থাৰ বিষয়ে আজি পৰ্যন্ত ৷
লগতে পঢ়ক:নাওবৈচাত বন্ধ গ্ৰাম্য চিকিৎসালয়ঃ কাণসাৰ নাই স্বাস্থ্য বিভাগৰ