বাক্সা, ৯ আগষ্ট: সোমবাৰে বাক্সা জিলাৰ শালবাৰী বাহবাৰী ফাতেমাবাদ চাহ বাগিছাত বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আদিবাসী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সংগঠনৰ সদস্যসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড লৈ "এছ টি আমাক লাগিবই", "ন' এছ টি নো ৰেষ্ট", "ভূমি পট্টা আমাক লাগিবই", আদিবাসীৰ নামত চৰকাৰে প্ৰতাৰণা কৰা বন্ধ কৰক" আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
আদিবাসীসকলক দিৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও কোনো চৰকাৰে আজিলৈকে এই বিষয়ে গুৰুত্ব দিয়া নাই ৷ ফলত অসমত থকা আদিবাসীসকলে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । আদিবাসীসকলৰ সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে ৷